দেশত ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে আৰম্ভ কৰা টিকাকৰণ অভিযানৰ এবছৰ সম্পূৰ্ণ হ’ল। এই সময়ছোৱাত ১৫৭ কোটিতকৈও অধিক লোকক ভেকছিন প্ৰদান কৰা হৈছে। ইফালে, কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক জনাইছে যে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰা ক’ভিড-১৯ টিকাকৰণ নিৰ্দেশনাত এজন ব্যক্তিক তেওঁৰ সন্মতি অবিহনে বলপূৰ্বক টিকাকৰণ কৰাৰ কথা কোৱা নাই।
দিব্যাংগ ব্যক্তিসকলক টিকাকৰণৰ প্ৰমাণপত্ৰ দেখুওৱাৰ পৰা ৰেহাই দিয়াৰ বিষয়ত কেন্দ্ৰই আদালতক কৈছিল যে, তেওঁলোকে এই ক্ষেত্ৰত কোনো মানক সঞ্চালন প্ৰক্ৰিয়া (SOP) জাৰি কৰা নাই। য’ত যিকোনো কামৰ বাবে ক’ৰোনা ভেকচিনেশ্যন চাৰ্টিফিকেট বাধ্যতামূলক কৰা হৈছে। কেন্দ্ৰই ইৱাৰা ফাউণ্ডেচন নামৰ এনজিওই দাখিল কৰা আবেদনৰ উত্তৰত দাখিল কৰা শপতনামাত এই কথা উল্লেখ কৰিছে।
শপতনামাখনত কোৱা হৈছে, ‘ভাৰত চৰকাৰ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে জাৰি কৰা নিৰ্দেশনাত সংশ্লিষ্ট ব্যক্তিজনৰ সন্মতি অবিহনে বলপূৰ্বক টিকাকৰণৰ কথা কোৱা হোৱা নাই।’ কেন্দ্ৰীয় চৰকাৰে জনাইছে যে, কোনো ব্যক্তিক তেওঁৰ সন্মতি অবিহনে টিকাকৰণ কৰিব নোৱাৰি। বৰ্দ্ধিত মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি কোভিড-১৯ৰ টিকাকৰণ সকলো বয়োজ্যেষ্ঠ লোকৰ স্বাৰ্থত বুলি উল্লেখ কৰি চৰকাৰে কয়, “বিভিন্ন প্ৰিণ্ট আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে সকলো নাগৰিকক টিকাকৰণ কৰা উচিত আৰু ইয়াৰ বাবে প্ৰণালী আৰু প্ৰক্ৰিয়া সহজ কৰি তোলা হৈছে”।