‘এসপ্তাহত বিহু শেষ কৰিব নোৱাৰে। এইটো অসম্ভৱ কথা।’- এই মন্তব্য জুবিন গাৰ্গৰ। অলপতে, জুবিন গাৰ্গে এক মুকাভিনয়ৰ অনুষ্ঠানত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত হিমন্ত বিশ্ব শৰ্মাই সকলোকে বিহুৰ প্ৰথম ৭ টা দিনতে বিহু পাতিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে প্ৰথম ৭ টা দিনত বিহু পতা বিহু কমিটীসমূহক ডেৰ লাখকৈ আৰ্থিক সাহায্য দিয়াৰ কথাও কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হৈছে।
অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া অব্য়াহত থকাৰ মাজতে শেহতীয়াকৈ চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰি অহা জুবিন গাৰ্গে এটা সপ্তাহত বিহু পতাৰ বিষয়টোৰ বিৰোধিতা কৰিছে। জুবিনে কৈছে, এটা সপ্তাহত বিহু পাতি শেষ কৰিব নোৱাৰে। এয়া অসম্ভৱ কথা। এটা সপ্তাহত বিহু পাতিবলৈ হ’লে শিল্পীসকলক হেলিকপ্তাৰ দিব লাগিব।
ইয়াৰোপৰি তেওঁ কয়, সকলো লোকে নিজৰ ঠাইত সৰুকৈ বা ডাঙৰকৈ এখন বিহু পাতিবলৈ ইচ্ছা কৰে। সেয়েহে সকলোৱে সময় সুবিধা মিলাই লৈহে বিহুখন পাতে।