শীতৰ মাজতে আগন্তুক তিনি- চাৰি দিনত অসমত হব প্ৰচুৰ বৃষ্টিপাত! বৰাঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে যে, আগন্তুক তিনি, চাৰি দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ সমান্তৰালকৈ বিজুলী, ঢেৰেকনি আৰু ব্ৰজপাতৰ সম্ভাৱনা আছে। এনে পূৰ্বানুমানৰ ভিত্তিতে ৰাজ্যৰ মুঠ ১০ খন জিলাত হালধীয়া সতৰ্কতা জাৰি কৰিছে।
এই জিলা কেইখন ক্ৰমে মৰিগাওঁ, নগাওঁ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, হোজাই, ধেমাজি, চৰাইদেউ, তিনিচুকীয়া, ডিমা হাচাও আৰু ডিব্ৰুগড়। এই সময়ছোৱাত এই জিলাকেইখনৰ লোকসকলক পৰাপক্ষত ঘৰতেই থাকিবলৈ আহ্বান জনোৱাৰ লগতে অপ্ৰয়োজনীয় যাত্ৰা এৰি চলিবলৈ কোৱা হৈছে।