আজি বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ অধিকাৰীৰ দেহাৱসান ঘটে। বৈষ্ণৱ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা সত্ৰাধিকাৰগৰাকী কঠিন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।
শুকুৰবাৰৰ নিশা ১১.৪৫বজাত বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা পুৱাৰ ভাগত সুন্দৰীদিয়া সত্ৰলৈ লৈ যোৱা হয়। তাতেই তেওঁক অগণন গুণমুগ্ধ আৰু ভক্তই শেষশ্ৰদ্ধা জ্ঞাপন কৰে। বিয়লি ভাগলৈ শেষকৃত্য বৰপেটাতে সমাপন কৰা হয়।
অধিকাৰীৰ মৃত্যুত বিভিন্নজনে শোক ব্যক্ত কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মৃত্যু জাতীয় আৰু আধ্যাত্মিক জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে। লগতে তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ উপৰিও সত্ৰাধিকাৰগৰাকীৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।