জাগীৰোডত দেওবাৰে পুৱাৰ ভাগত বিবেক এক্সপ্ৰেছেৰে ৰাজ্যৰ বাহিৰৰ পৰা অহা সহস্ৰাধিক ৰেলযাত্ৰীয়ে ক’ভিড পৰীক্ষা নকৰাকৈয়ে ষ্টেচন ত্যাগ কৰিছিল।
ইয়াৰ পিছৰ পৰাই সেইসকল লোকে ক’ভিড- ১৯ বিয়পোৱাৰ আশংকাত ত্ৰাসিত সমগ্ৰ মধ্য অসম।আনহাতে ঘটনাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এই পলাতক যাত্ৰীসকলক চিনাক্ত কৰিবলৈ তৎপৰ হৈ উঠিছে নগাঁও- মৰিগাঁও আৰক্ষী।
প্ৰাপ্ত খবৰ অনুসৰি পলাতক যাত্ৰীৰ কিছুসংখ্যকক চিনাক্ত কৰি ইতিমধ্যেই ‘কোৱাৰেণ্টাইন’ কৰা হৈছে।অন্যসকলকো সোনকালেই চিনাক্ত কৰি ক’ভিড টেষ্টৰ লগতে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনে জনাইছে।