নগাঁৱৰ বানপীড়িত এলেকাৰ ৬জন লোক জাপানীজ এনকেফেলাইটিজ ৰোগৰ আক্ৰান্ত হোৱাৰ সন্দেহ স্বাস্থ্যবিভাগৰ। GMCHলৈ প্ৰেৰণ কৰা হৈছে আটাইকেইগৰাকীকে। আক্ৰান্ত লোককেইজন ক্ৰমে প্ৰবীণ বৰা(কামপুৰ), খীৰকান্ত শইকীয়া(বেবেজীয়া), আকমল(শিঙিমাৰী),ছাহিদা খাতুন(লাওখোৱা), সদানন্দ বৰুৱা(খুটিকটীয়া) আৰু লক্ষীকান্ত নাথ(হাৰিয়ামুখ)।
উল্লেখ্য যে, বানে জুৰুলা কৰা অঞ্চলসমূহত বিভিন্ন ধৰণৰ অসুখে দেখা দিয়াটো স্বাভৱিক। স্বাস্থ্য বিভাগ অধিক সতৰ্ক হৈ বান বিধ্বস্ত অঞ্চলসমূহত স্বাস্থ্য শিৱিৰ স্থাপন কৰি বানপীড়িতক স্বাস্থ্যৰ প্ৰতি সজাগ আৰু সচেতন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰিছে সচেতন ৰাইজে।