বন বিভাগ, জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা স্বত্বেও গুৱাহাটী মহানগৰীত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে অবৈধ ভাবে পাহাৰ কাটি তথা মাটি খনন কৰি পৰিৱেশ ধ্বংস কৰি আহিছে। আনকি মহানগৰীৰ সচেতন লোকসকলে এই সন্দৰ্ভত মাজে সময়ে বন বিভাগ আৰু জিলা প্ৰশাসনক অভিযোগ দি আহিছে। তেনে এটা ৰাজহুৱা অভিযোগৰ ভিত্তিত বুধবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত গুৱাহাটী আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাৰ নিৰ্দেশত কালাপাহাৰ খণ্ড বন বিষয়া প্ৰহ্লাদ গায়নৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে যোৰবাটৰ দহমাইলৰ মনফৰ্ট স্কুলৰ দাঁতিত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন অঞ্চলত গোপনে পাহাৰৰ মাটি কাটি থকা অৱস্থাত এ এছ ০৫ ডি চি ৭১১১ নম্বৰৰ এখন জে চি বি জব্দ কৰে৷ অবশ্যে বনকৰ্মীৰ দলটো দেখিয়েই আন্ধাৰৰ সুযোগ লৈ চালক আৰু হেণ্ডীমেন পলাই যাবলৈ সক্ষম হয়।
এই সন্দৰ্ভত মাটি অবৈধভাৱে কটাৰ অপৰাধত এটা বন আইনৰ অধীনত এটা ৰুজু কৰা হয়৷ উল্লেখযোগ্য যে পূৰ্বতে যোৰাবাট আৰু খানাপাৰাত অঞ্চলটো অসম – মেঘালয় আন্তঃৰাজ্যিক সীমান্ত অঞ্চল হোৱা বাবে দুটাকৈ বন শিবিৰ আছিল। পৰৱৰ্তী সময়ত খানাপাৰা শিবিৰটো বন্ধ কৰি যোৰাবাট শিবিৰটো সক্ৰিয় কৰি ৰখা হৈছিল। কিন্তু ৰহস্যজনক কাৰণত বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষই ক’ভিডৰ সময়ত যোৰাবাটৰ বন শিবিৰটো বন্ধ কৰি দিয়াত বৃহত্তৰ অঞ্চলটোত লুকাই চুৰকৈ মাটি খনন কৰা কাৰ্য বৃদ্ধি পাইছে । সমান্তৰালভাবে মেঘালয়ৰ বৰ্ণিহাটৰ দিশৰ পৰা মাজে সময়ে চোৰাংকৈ কাঠ সৰবৰাহ কৰা ট্ৰাক মহানগৰীৰ মাজেৰে বিভিন্ন ঠাইলৈ যায় বুলিও অভিযোগ উত্থাপিত হৈছে। ইফালে ইয়াৰ পূৰ্বে ২৯ মে’ত চূণচালি অঞ্চলটো নাৰেংগী খণ্ড বন বিষয়াৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে মাটি কাটি থকা অৱস্থাত এখন জে চি বি জব্দ কৰিছিল।