২০২২ বৰ্ষৰ JEE পৰীক্ষাৰ দিন ইতিমধ্যে ঘোষণা কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই (NTA) দুবাৰকৈ অনুষ্ঠিত কৰিব JEE মেইন পৰীক্ষা। ইয়াৰে প্ৰথম ছিজনৰ পৰীক্ষা এপ্ৰিলত আৰু দ্বিতীয় ছিজনৰ পৰীক্ষা মে’ মাহত অনুষ্ঠিত হ’ব।
প্ৰকাশিত সূচী অনুসৰি JEE Main-২০২২ ৰ বাবে আবেদন প্ৰক্ৰিয়া ১ মাৰ্চ ২০২২ আৰু প্ৰথম পৰীক্ষাৰ বাবে জে ই ই মেইন আবেদন প্ৰপত্ৰ পূৰণ কৰাৰ অন্তিম তাৰিখ হৈছে ৩১ মাৰ্চ। নেচনেল টেষ্টিং এজেন্সীয়ে জে ই ই মেইন-২০২২ৰ তাৰিখ ঘোষণা কৰাৰ সময়ত কয় যে, প্ৰথম ছিজন ১৬ এপ্ৰিলৰ পৰা ২১ এপ্ৰিলৰ ভিতৰত আৰু দ্বিতীয় ছিজন ২৪ মে’ৰ পৰা ২৯ মে’ৰ ভিতৰত অনুষ্ঠিত হ’ব।