বৰ্তমান দেশত তীব্র গতিত বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ।
বৰ্দ্ধিত ক’ৰোনা সংক্ৰমণৰ ৰোধৰ বাবে দেশত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
২০২১ বৰ্ষৰ JEE মেইন পৰীক্ষা স্থগিত ৰখা হ’ল।
২৭এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ আছিল পৰীক্ষা।
ক’ৰোনাৰ সংহাৰী ৰূপৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে ঘোষণা কৰিলে পৰীক্ষা স্থগিত ৰখাৰ কথা।
লগতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে জনায় যে আগন্তুক দিনত পুনৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ ১৫ দিন আগত পৰীক্ষা সমন্ধে ঘোষণা কৰিব কেন্দ্ৰীয় চৰকাৰে।
Photo Credit:Google