কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল ২০২২-২৩ পৰ্যটন বৰ্ষৰ বাবে বৃহস্পতিবাৰৰ পৰা পৰ্যটকলৈ আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।
উল্লেখ্য যে, কাজিৰঙা উদ্যানৰ আন আন বনাঞ্চলত কৈ বুঢ়াপাহাৰ বনাঞ্চলখন অলপ দ হোৱাৰ বাবে বহু ঠাইত বহু পলমকৈ পানী শুকুৱাৰ ফলত পৰ্যটকৰ বাবে মুকলি কৰি দিয়াত অলপ পলম হৈছে বুলি উদ্যান কৰ্তৃপক্ষই জনাইছে। বাট-পথ উলিৱাওতে পলম হোৱাৰ বাবেই পলমকৈ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে বুঢ়াপাহাৰ বনাঞ্চল।
বৃহস্পতিবাৰৰ প্ৰথম দিনটোতে বহিঃৰাজ্যৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰ্যটকৰ দলে জীপ ছাফাৰীৰে দৰ্শন কৰিলে বুঢ়াপাহাৰ বনাঞ্চল। বিশ্ব বিখ্যাত এশিঙীয়া গড়¸ বাঘ¸ হৰিণ¸ হাতী¸ মহৰ লগতে টুপী মুৰীয়া বান্দৰৰ বিচৰণস্থলী এই বুঢ়াপাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে যথেষ্ট আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে।