সোমবাৰে নিশা ১০ বজাৰ পৰা দিল্লীত লকডাউন ঘোষণা কৰাৰ পিছতে এতিয়া ক’ৰোনা সংক্ৰমণ ৰোধ কৰিবৰ বাবে ঝাৰখণ্ড চৰকাৰেও এই সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰি ৭ দিনীয়া লকডাউনৰ ঘোষণা কৰিছে।
এই লকডাউন ঝাৰখণ্ড চৰকাৰৰ ফালৰ পৰা ২২ৰ পৰা ২৯ এপ্ৰিললৈ হোৱাৰ কথা ঘোষণা কৰা হৈছে।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে ক’লে যে,
ঝাৰখণ্ডত ‘স্বাস্থ্য সুৰক্ষা সপ্তাহ’ৰ নামেৰে ২২ এপ্ৰিললৈ এসপ্তাহৰ লকডাউনৰ ঘোষণা কৰা হৈছে।
কি কি পাব, কি কি নাপাব-
লকডাউনৰ সময়ছোৱাত কিছু সামগ্ৰীৰ ওপৰত ৰেহাই প্ৰদান কৰা হৈছে।
প্ৰয়োজনীয় সামগ্ৰীসমূহত ৰেহাই প্ৰদান কৰা হৈছে।
ইয়াৰ লগতে ধৰ্মস্থলীসমূহ খোলা ৰখা হ’ব কিন্তু ভক্তই ভিৰ কৰাত অনুমতি প্ৰদান কৰা হোৱা নাই।
ইয়াৰ পূৰ্বে সোমবাৰে ঝাৰখণ্ডত বিগত ২৪ ঘণ্টাত ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈ আৰু ৫০জন লোকে প্ৰাণ হেৰুৱাইছিল।
Photo: Google