জোৰদাৰ চলিছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনলৈ মাজত মাথো আছে কেইটামান দিন।
দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো দল আৰম্ভ হৈ গৈছে নিৰ্বাচনী টোপ দিয়াত।
ৰাইজক দিয়া প্ৰতিশ্ৰুতি কিমান কাৰ্যকৰী কৰে সেয়া পিছৰ কথা কিন্তু নিৰ্বাচনৰ পূৰ্বে বিৰোধী দল কংগ্ৰেছে নিবনুৱা যুৱক-যুৱতীৰ বাবে খুলিয়েই দিলে ৱেবছাইট।
বৃহস্পতিবাৰে কংগ্ৰেছে সংবাদমেলযোগে congressor5guarantee.in নামৰ ৱেবচাইটো মুকলি কৰে।
ৱেবছাইটো মুকলি কৰি শাসকীয় দল বিজেপিক কটাক্ষ কৰি কয় যে আমি বিজেপিৰ দৰে আকাশত চাং পতা মানুহ নহয়।
তেনেধৰণৰ কথা কোৱাও নায়।
এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ’লে একেবাৰতে ৫ লাখক চাকৰি নিদিলেও প্ৰতি বছৰে ১ লাখ চাকৰি দিম।
সেই হিচাপত প্ৰতিমাহে ৮৩০০ জনক চাকৰি দিব।
মানে ৫ বছৰৰ কাৰ্যকালত প্ৰতিবছৰে ১ লাখক দিব চাকৰি। এয়াই হৈছে কংগ্ৰেছৰ নিৰ্বাচনী অংক।
১ ফেব্ৰুৱাৰীত প্ৰিয়ংকা গান্ধীয়ে অসমলৈ আহি অসমবাসীক দিছিল ৫টা গেৰাণ্টি আৰু এই গেৰাণ্টিকেইটাৰ ভিতৰত এইটোও এটা মূল গেৰাণ্টি আছিল যে, ৫ লাখ নিবনুৱা যুৱক-যুৱতীক দিয়া হ’ব চাকৰি।
এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ’ল যে কংগ্ৰেছৰ মন সলনি হোৱাৰ পূৰ্বে শীঘ্ৰে নিযুক্তি পত্ৰ পূৰণ কৰক।
congressor5guarantee.in ৱেবছাইটটোত গৈ আপোনাৰ সপোনৰ চাকৰিটোৰ বাবে আৱেদন পূৰণ কৰক।
Photo: Google