হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ লৈয়েই প্রথমবাৰ কাজিৰঙাত উপস্থিত হৈ আৰক্ষী আৰু বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ সৈতে আলোচনাত মিলিত হৈছিল।উক্ত আলোচনাৰ অন্তত তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰীয়ে যাতে কোনো কাৰণতে গঁড় নিধন কৰিব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ বিভাগ দুটাক যুটীয়া পৰিকল্পনা প্রস্তুত কৰাৰ নিৰ্দেশ দিছিল।ইয়াৰ পিছতেই তৎপৰ হৈ পৰিছিল ৰাজ্যৰ বন বিভাগ।
ইয়াৰ মাজতেই বৃহস্পতিবাৰে ৰাজ্যখনৰ বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙৰ উপস্থিতিত বন আৰু আৰক্ষীয়ে যুটীয়া পৰিকল্পনা প্রস্তুত কৰে। উক্ত দিনা ৰাজ্যখনৰ আইন শৃংখলাৰ দায়িত্বত থকা বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ অধ্যক্ষতাত কাজিৰঙাৰ কঁহৰাত এক সভা অনুষ্ঠিত হয় আৰু নতুনকৈ ‘আছাম ৰাইন’ প্রটেকচন টাস্ক ফ’ৰ্চ’ নামেৰে এক সুৰক্ষা বাহিনী গঠন কৰা হয়।