অৱশেষত ন্যায়! হেলমেট পৰিধান নকৰাকৈ বাহন চলোৱা আৰক্ষীক প্ৰশ্ন কৰাৰ বাবে সাংবাদিক জয়ন্ত দেবনাথক বাসুগাঁও চহৰত শাৰীৰিক ভাৱে আক্ৰমণ কৰি অপদস্থ কৰা আৰক্ষী কনিষ্টবল প্ৰদীপ সাহাৰ আজি বিভাগীয় শাস্তি ঘোষণা কৰে।
চিৰাং জিলা আৰক্ষী অধীক্ষক প্ৰানজিত বৰাই সদৰি কৰা মতে যোৱা ৭ ফেব্ৰুৱাৰীত বাসুগাঁও চহৰৰ মাজমজিয়াত সাংবাদিক জয়ন্ত দেবনাথক আক্ৰমণ কৰা কনিষ্টবল প্ৰদীপ সাহাক আৰক্ষীৰ অনুশাসন ভঙ্গ কৰাৰ অপৰাধত প্ৰথমে ৰিজাৰ্ভ ক্লজ তাৰ পিছত নিলম্বন কৰা হৈছিল আৰু বিভাগীয় তদন্তৰ কথাও ঘোষণা কৰিছিল।
বিভাগীয় তদন্তৰ ফলাফলৰ অন্তত কনিষ্টবল প্ৰদীপ সাহাৰ দুটাকৈ ইনক্ৰিমেন্ট কৰ্ত্তন কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই। আনহাতে, এই ঘটনাৰ লগত জড়িত আন এজন কনিষ্টবল লক্ষ্মী ৰাম বৰ্মনৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ ফলাফল কাইলৈ প্ৰকাশ কৰা হব।