গুৱাহাটীৰ একত্ৰ সাংবাদিকৰ সংগঠন “সমন্বয়ৰ“ উদ্যোগত আৰু চামগুৰিৰ সমূহ সাংবাদিকৰ যৌথ উদ্যোগত এক মে’ত দিনজোৰা কাৰ্যসূচীৰে বিহুৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব৷ সাংবাদিকৰ মুকলি বিহু উপলক্ষে চলিছে ব্যাপক আয়োজন। এক মে’ত চামগুৰি উচ্চত্বৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব লগা মুকলি বিহুৰ কাৰ্যসূচী অনুসৰি পুৱা ৮-৩০ বজাত পতাকা উত্তোলন কৰিব সমন্বয়ৰ সভাপতি দিগন্ত দাসে৷
১০-৩০বজাত ডি ৱাই৩৬৫ ৰ কাৰ্যবাহী সম্পাদক প্ৰানজিৎ শইকীয়াৰ সঞ্চালনাত শিপাৰ সন্ধানত শীৰ্ষক কাৰ্যসূচী৷ দুপৰীয়া খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বিহু আৰু লোকনৃত্য প্ৰদৰ্শন কাৰ্যসূচী উদ্বোধন কৰিব ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্যই৷ বিয়লি তিনি বজাৰ পৰা আৰম্ভ হ’ব লগা বৰ্ণিল অনুষ্ঠানটি উদ্বোধন কৰিব জেষ্ঠ সাংবাদিক পৰাগ মণি আদিত্যই৷ স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা অনুষ্ঠিত হ’ব লগা সাংস্কৃতিক অনুষ্ঠানটি বিয়লি ৪ বজাৰ পৰা আৰম্ভ হ’ব৷ ৰাজ্য সভাৰ সাংসদ পবিত্ৰ গগৈ মাৰ্ঘেৰিটাই সাংস্কৃতিক অনুষ্ঠানটি শুভ উদ্বোধন কৰিব৷ ৰঙালী বিহু উপলক্ষে বিগত বৰ্ষসমূহৰ দৰে এই বেলি চামগুৰিত অনুষ্ঠিত হ’ব লগা সাংবাদিকৰ মুকলি বিহুৰ কাৰ্যসূচী সফল কৰি তুলিবলৈ সকলোৰে সহযোগিতা কামনা কৰিছে সমন্বয়ৰ সভাপতি দিগন্ত দাস আৰু উদযাপন সমিতিৰ সভাপতি প্ৰদীপ বৰাই।