এতিয়াৰে পৰা সাংবাদিকৰ পেঞ্চন ৮ হাজাৰ টকাৰ পৰা বৃদ্ধি পাই হ’বগৈ ১০ হাজাৰ টকা। নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ এক প্ৰশ্নৰ উত্তৰত বিধানসভাত আজি এই বিষয়ে উল্লেখ কৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই।
উল্লেখ্য যে স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলক প্ৰদান কৰা হয় এই পেঞ্চন।
মন্ত্ৰীজনে লগতে কয় যে স্বীকৃতি প্ৰাপ্ত সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ চিকিৎসাৰ ব্যয় বহন কৰিব চৰকাৰে।পৰৱৰ্তী সময়ত সাংবাদিকৰ সন্তানে ৰাজ্যিক ব’ৰ্ডৰ পৰীক্ষাৰ লগতে কেন্দ্ৰীয় ব’ৰ্ডৰ পৰীক্ষাত ৭৫ শতাংশৰ অধিক নম্বৰ লাভ কৰিলে প্ৰদান কৰা হ’ব ৩০ ৰ পৰা ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য।