• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সাংবাদিকৰ সম্পত্তি! অগাধ সম্পত্তি আহৰণ বিষয়ত হোৱা বিতৰ্কৰ প্ৰত্যোত্তৰ দিলে নিতুমণি শইকীয়াই

নিউজ ডেস্ক by নিউজ ডেস্ক
July 28, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
সাংবাদিকৰ সম্পত্তি! অগাধ সম্পত্তি আহৰণ বিষয়ত হোৱা বিতৰ্কৰ প্ৰত্যোত্তৰ দিলে নিতুমণি শইকীয়াই
Share on FacebookShare on Twitter

জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই তেওঁৰ পাৰিবাৰিক ঘটনাৰাজিৰ সন্দৰ্ভত শেহতীয়াকৈ সৃষ্টি হৈ থকা বিতৰ্ক সন্দৰ্ভত আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সংবাদ মেল সম্বোধন কৰি সাংবাদিক শইকীয়াই কয় যে, ধাৰণা আৰু সত্যৰ মাজত কিছু প্ৰাৰ্থক্য আছে, গতিকে সত্য কি সেয়া সকলোৱে জনা উচিত।

আদালতত বিচাৰাধীন হৈ থকা বিবাহ বিচ্ছেদ সম্পৰ্কত কোনো মন্তব্য নকৰো বুলি কৈ তেওঁ কয় যে – আজিৰ দিনটোলৈকে আমি পতি-পত্নী। মই এতিয়াও আশা কৰো আমাৰ মাজত যি ভুল বুজাবুজি আছে সেইখিনি দূৰ হ’ব আৰু আহি থকা দিনত আমি আকৌ একেলগেই থাকিম। আমাৰ ১২ বছৰীয়া ছোৱালী জনীৰ তেওঁ মাতৃ তাৰোপৰি তেওঁ এগৰাকী অধ্যাপিকা। মই শিক্ষক সকলক সন্মান কৰো আৰু তেওঁক এগৰাকী মাতৃ হিচাপেও সন্মান কৰো। সেয়ে বিবাহ বিচ্ছেদ সম্পৰ্কত মই কোনো কথা নকও।

সামাজিক মাধ্যমত চৰ্চা চলি থকা সা-সম্পত্তিৰ বিষয়টোৰ সন্দৰ্ভতহে স্পষ্টীকৰণ প্ৰকাশ কৰি তেওঁ কয়- মই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ৰ পৰাই ৰেডিঅ’ৰ লগত জড়িত হৈ আছিলো আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে বিগত  প্ৰায় ২২ বছৰ ধৰি মই ৰেডিঅ’ আৰু টেলিভিছনৰ লগতেই জড়িত হৈ আছো। আনুষ্ঠানিক ভাৱে মই নৰ্থ ইষ্ট টেলিভিছনৰ যোগেদি টেলিভিছনৰ লগত জড়িত হৈছিলো আৰু NE Tvত কাম কৰাৰ সময়তে ২০০৬ চনত মই বিবাহপাশত আবদ্ধ আছিলো। তেতিয়া মোৰ দৰমহা আছিল ১০ হাজাৰ টকা।

৮ হাজাৰ টকা দৰমহা পাই পেচন বাইক চলোৱা মানুহে এতিয়া ফৰ্চোনাৰ গাড়ী ল’লে বুলি কৈ থকা বিষয়টোৰ সন্দৰ্ভত তেওঁ কয় যে, হয় তেতিয়া মোৰ এখন পেচন বাইক আছিল। তেতিয়া মোৰ দৰমহা ৮ হাজাৰ নহয় ১০ হাজাৰ টকা আছিল। ২০০৭ চনত মই নিউজ লাইভলৈ অহাত মোৰ দৰমহা হৈছিলগৈ ২২ হাজাৰ টকা। এই সন্দৰ্ভত নিউজ লাইভ কৰ্তৃপক্ষ আৰু বেংক ষ্টেটমেনৰ প্ৰতিলিপিও তেওঁ সংবাদ মেলত ৰাজহুৱা কৰে।

ইয়াৰ পিছত তেওঁ কয় যে, প্ৰথম যেতিয়া মই গাড়ী কিনিলো তেতিয়াও মোক বহুতেই সমালোচনা কৰিছিল। এন ই টিভি এৰি নিউজ লাইভলৈ অহাৰ সময়ত টপ মডেলৰ ভাৰ্না গাড়ী কিনাৰ সময়ত বহুতেই মোক প্ৰশ্ন কৰিছিল। ২০০৭ চনত SBIৰ পৰা ৬ লাখ ৬৭ হাজাৰ টকা ঋণ লাভ কৰিছিলো আৰু বাকী ৫ লাখ টকা ৰিণিকী ভূঞা শৰ্মাই দি মোক সহায় কৰিছিল।

যেতিয়া মই নিউজ লাইভ ত্যাগ কৰিছিলো তেতিয়া মই সেই ৫ লাখ টকা দৰমহাৰ পৰা কাটি ৰখাৰ উপৰিও ৪ লাখ ১০ হাজাৰ টকা ঘূৰাই দি থৈ আহিছিলো। সেই গাড়ীখন ১০ বছৰ হোৱাৰ পিছত বিক্ৰী কৰি মই ফৰ্চোনাৰ গাড়ী এখন লৈছো।

এতিয়া মোৰ ফৰ্চোনাৰ গাড়ীখনক লৈ সকলোৰে এটাই প্ৰশ্ন, এজন সাংবাদিক হৈ ফৰ্চোনাৰ বাহন কেনেকৈ কিনিলে? গাড়ীখন যেতিয়া মই কিনিছিলো সেই সময়ত দাম আছিল ২৭ লাখ টকা। গাড়ীখনৰ বাবে HDFCয়ে ১৫ লাখ ৬৭ হাজাৰ ৬১ টকা ঋণ আগবঢ়াইছিল। বাকীখিনি ধন প্ৰতিদিন গোষ্ঠীৰ মেনেজমেণ্ট আৰু শ্ৰদ্ধাৰ জয়ন্ত বৰুৱাই মোক সহায় কৰিছিল। গতিকে কোনোবাই যদি এইগাড়ীখন ব্লেক মেইলিং বা উপহাৰ হিচাপে লাভ কৰিছো বুলি ভাবিছে তেন্তে ভুল ভাবিছে।

আনহাতে তেওঁৰ তিনিটা ফ্লেট আছে বুলি চলি থকা চৰ্চা সন্দৰ্ভত তেওঁ কয় যে- ‘মোৰ কোনো ৩ টা ফ্লেট নাই। মই ২০০৭ চনৰ পৰা ২০২১ চনৰ ডিচেম্বৰলৈ শেৱালী পথৰ মেঘমল্লা এপাৰ্টমেণ্টত ভাড়া আছিলো আৰু আজি প্ৰায় ৭ মাহ হৈছে, মই এতিয়া হাউচিঙৰ ঘৰ এটাত  আছো। বহুতেই ভাবিছে মই তাত ফ্ৰীতে আছো। কিন্তু মই ঘৰটোৰ বাবে ভাড়া দিওঁ, পানী, বিজুলীৰ বিল দিওঁ। প্ৰতিদিনে পানী কিনিব লগা হয়।’

এতিয়ালৈকে মোৰ ৰেডিমেট ফ্লেট নাই। নিউ গুৱাহাটীৰ ইষ্টাৰ্ণ এনক্লেভত এটা ফ্লেট নিৰ্মাণ কৰিহে আছো, ২৩ শ স্কোৱেৰ ফুটৰ এটা ফ্লেট বনাই আছো। যিদিনাখন মোৰ ফ্লেটটো বিল্ডাৰে মোক হস্তান্তৰ কৰিব সেইদিনাই মই হাউচিঙৰ ঘৰটো এৰি দিম। সেইখিনি দায়বদ্ধতা মোৰ আছে। ইয়াৰ বাহিৰে ক’ৰবাত যদি এটাও ফ্লেট মোৰ নামত আছে বুলি আপোনালোকে দেখাব পাৰে তেন্তে মই আজিয়েই ৰাজহুৱা জীৱন ত্যাগ কৰিম।

আনহাতে মাটিৰ প্ৰসংগত কয় যে, ২০০৯ চনত লখৰাত মাটি অকনমান লৈছিলো। সেই মাটিকন যদিও মোৰ পত্নীয়ে তেওঁ লোৱা বুলি কৈছে কিন্তু তেওঁৰ ভুল হৈছে, হয়তো তেওঁ পাহৰিছে, তেতিয়া তেওঁ গহপুৰত ৫ হাজাৰ টকা দৰমহাৰে কাম কৰি আছিল। তেতিয়া মই মাটিৰ মালিকক ২ লাখ টকা দিছিলো। এই মাটিকন থকাটো সঁচা। আমি দুয়োজনে সেই মাটিকন লৈছিলো।

এইদৰেই সংবাদ মেলত নিতুমণি শইকীয়াই তেওঁৰ বিৰুদ্ধে অবাধ সম্পত্তিৰ আহৰণৰ অভিযোগৰ উত্তৰ দিয়ে আৰু লগতে তেওঁ কয় যে, ‘মোৰ অনুৰাগী তথা মোক বিশ্বাস কৰা মানুহখিনিযে যাতে মোক ভুল নুবুজে, বিবেক আৰু মগজু সক্ৰিয় হৈ থকা লৈকে মই বক্ৰ পথেৰে কেতিয়াও সম্পত্তি আহৰণ নকৰো’।

Previous Post

শিৱসাগৰ জিলাত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ! পুনৰ এগৰাকী মহিলাৰ মৃত্যু

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

টোল কৰ বৃদ্ধি; প্ৰতিবাদৰ হুংকাৰ বহু দল সংগঠনৰ

অসমৰ ৪ খন টোল গেট অবৈধ! পেলোৱা হ’ব ভাঙি!

আজি Commonwealth Games ৰ ৰিঙত নামিব অসমৰ শিৱ থাপা

আজি Commonwealth Games ৰ ৰিঙত নামিব অসমৰ শিৱ থাপা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8