ছচিয়েল মিডিয়াত এটা ভিডিঅ’ যথেষ্ট ভাইৰেল হ’বলৈ ধৰিছে।
এই ভিডিঅ’টোত টোল প্লাজাত টোল মেনেজাৰ আৰু এজন ন্যায়াধীশৰ মাজত প্ৰচণ্ড বাকযুদ্ধ হোৱা প্ৰত্যক্ষ কৰা গৈছে।
ভিডিঅ’টোত ন্যায়াধীশগৰাকীয়ে নিজৰ পৰিচয় দি টোল দিয়াৰ পৰা বাচিবলৈ চেষ্টা কৰি থকা দেখা গৈছে আৰু আনহাতে মেনেজাৰজনে তেওঁক টোল এক্টৰ কথা কৈ টোল দিবলৈ জোৰ দি থকা দেখা গৈছে আৰু লগতে ন্যায়াধীশগৰাকীক আইনৰো পাঠ পঢ়াই থকা প্ৰত্যক্ষ কৰা গৈছে।
ৰিপৰ্ট অনুসৰি ভিডিঅ’টো ক’ৰোনাৰ সময়ৰে।
গাড়ীত বহি থকা ন্যায়াধীশে টোল কৰ দিবলৈ অমান্তি হৈছিল
ভিডিঅ’ ফুটেজ টোল প্লাজাত স্থাপিত CCTV কেমেৰাৰ আৰু অডিঅ’ মোবাইল ফোনত ৰেকৰ্ড কৰা হৈছে।
टोल मैनेजर ने कैसा शानदार सबक सिखाया
जिला न्यायालय के जज को, अवश्य देखिये।👏🏼👏🏼👏🏼👏🏼👏🏼
Judge saheb refused to pay toll. Watch how Toll Manager educated him laws of this land. pic.twitter.com/kja08qSJ1q
— भारत पुनरुत्थान – श्रीराम श्रीकृष्ण #शिवशक्ती (@punarutthana) March 13, 2021
ভিডিঅ’টোত এখন মাৰুতি ছুজুকী আৰ্টিগাখন টোল প্লাজাৰ এটা লেনত প্ৰৱেশ কৰা দেখা পোৱা গৈছে।
এই টোল প্লাজাটো উত্তৰ প্ৰদেশ বৰেলী আৰু মুৰাদাবাদৰ মাজত স্থিত।
ভিডিঅ’টোত দেখুওৱা হৈছে যে, যেতিয়াই গাড়ীখন ৰখে, চালকে বুথ সঞ্চালক গৰাকীক এখন পৰিচয় পত্ৰ দিয়ে।
অপাৰেটৰে ক’লে যে তেওঁলোকক কৰ ৰেহাই কৰা নহ’ব।
ইয়াৰ পিছত তেওঁ ছুপাৰভাইজাৰক মাতি আনে।
টোল কৰ পৰিশোধক লৈ মেনেজাৰ বাকযুদ্ধ হয় ন্যায়াধীশৰ সৈতে
ছুপাৰভাইজাৰেও আইডি কাৰ্ড চোৱাৰ পিছত চালকক কয় যে, তেওঁলোকে কৰ দিবই লাগিব আৰু তেওঁলোক ৰেহাইৰ পাত্ৰ নহয়।
ইয়াৰ পিছত গাড়ীখনৰ ভিতৰত বহি থকা এজন লোকৰ জৰিয়তে ছুপাৰভাইজাৰক মাতি তাৰ আইডি কাৰ্ড খুজিলে।
দুয়ো বহু সময়লৈ কথা পাতি থাকে কিন্তু ছুপাৰভাইজাৰে তেওঁলোকক কৰ নিদিয়াকৈ যাবলৈ নিদিয়ে।
ইয়াৰ পিছত ছুপাৰভাইজাৰ নিজৰ মেনেজাৰক মাতি আনে।
ইফালে মেনেজাৰ যেতিয়া তাত উপস্থিত হয় তেতিয়া গাড়ীত বহি থকা লোকজনে ক’লে যে তেওঁ ADJ হয় আৰু তেওঁলোকক কৰ পৰিশোধ নকৰাকৈ যাবলৈ দিব লাগে কিন্তু মেনেজাৰেও স্পষ্টভাৱে অমান্তি কৰি দিয়ে।
মেনেজাৰে ক’লে যে তেওঁলোকে কৰ পৰিশোধ কৰিবই লাগিব, কিন্তু জিলা ন্যায়াধীশো আকোৰ-গোজ।
ইয়াৰ পিছত উচ্চ কণ্ঠত মেনেজাৰে কয় যে, নিয়মতকৈ ডাঙৰ ন্যায়ালয়ো নহয়।
মেনেজাৰজনে লগতে ক’লে যে, দেশত লোকসকলৰ অধিকাৰ আছে, কিন্তু অধিকাৰৰ লাভ উঠোৱাসকলৰো ইয়াত কম নায়।
আপুনি ৮০ টকা দিয়ক। ইয়াত আপুনি টোল দিবই লাগিব।
ইফালে ন্যায়ধীশগৰাকীয়ে নিজৰ চাকৰিৰ শক্তি দেখুৱাই ক’লে যে,
তেওঁ ৰাজস্থান আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰি আহিছে আৰু তাতো তেওঁ কৰ পৰিশোধ কৰা নাছিল।
এই সন্দৰ্ভত টোল মেনেজাৰে ক’লে যে,
অধিকাৰ অনুসৰি উচ্চ ন্যায়ালৰ ন্যায়াধীশে টোল দিব নালাগে কিন্তু আপুনি জিলা আদালতৰ আৰু আপোনাৰ আকোৰ-গোজৰ বাবে বহুত ভিৰ হৈ গৈছে।
ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভিডিঅ’টো।
Photo: Twitter