যোৱা সোমবাৰে 5G ৱায়াৰলেছ নেটৱৰ্কৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত বিশেষ আবেদন দাখিল কৰি ২০ লাখ টকাৰ জৰিমনা ভৰিবলগীয়া হ’ল খ্যাতনামা অভিনেত্ৰী জুহি চাওলাই।
মানুহ তথা জীৱ-জন্তুৰ স্বাস্থ্য আৰু জীৱনলৈ এই নেটৱৰ্কে ভাবুকি কঢ়িয়াই অনাৰ অভিযোগেৰে ভাৰতত 5G ৱায়াৰলেছ নেটৱৰ্কৰ প্ৰচলনৰ অনুমতি নিদিবলৈ অনুৰোধ জনাই অভিনেত্ৰী গৰাকীয়ে জনাইছিল এই আবেদন।
পিছে শুনানিৰ অন্তত: শুকুৰবাৰে তেওঁৰ আবেদন পোনছাটেই খাৰিজ কৰি ন্যায়ালয়ে কয় যে জুহি চাওলাই এই আবেদন কেৱল জনপ্ৰিয়তা আহৰণৰ বাবেহে কৰিছে।দিল্লী উচ্চ ন্যায়ালয়ে লগতে কয় যে অভিনেত্ৰীগৰাকীয়ে এই কামৰ জৰিয়তে আইনী ব্যৱস্থাপনাৰ অপব্যৱহাৰ কৰিছে।
ন্যায়ালয়ে শুনানিৰ সময়ত জুহিৰ কাম-কাজৰ বাবে সন্মুখীন হোৱা বাধাৰ কথাও উনুকিয়ায়। উল্লেখ্য যে জুহি চাওলাই অনলাইন শুনানিৰ লিংক সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল আৰু ফলত তিনিবাৰকৈ শুনানিৰ কাম স্থগিত ৰাখিবলগীয়া হৈছিল।