“শিশু শ্রমিক ৰোধ কৰক,
মানুহৰ মাজত সজাগতা আনক ||”
“শিশু শ্রমিক বন্ধ কৰক,
এক সুস্থ সমাজ গঢ়ি তোলক ||”
“শিশু শ্রমিক নিষিদ্ধ কৰক,
কিশোৰ কিশোৰিক সুৰক্ষা দিয়ক ||”
দুটা মাত্র বৰ্ণৰ সমাহাৰ এটা আলফুলীয়া শব্দ হ’ল শিশু | আজিৰ শিশু কাইলৈ আমাৰ দেশৰ নাগৰিক শিশুসকলক সুস্থ সৱল আৰু উপযুক্ত নাগৰিক হিচাপে গঢ়ি তুলিবলৈ সৰু কালৰ পৰাই সকলো শিক্ষা দীক্ষা প্রদান কৰি সিহতৰ প্রতি যত্নবান হোৱা উচিত | কিন্তু, সিহতক সকলো অধিকাৰৰ পৰা বঞ্চিত কৰি কামত নিয়োজিত কৰাকে শিশু শ্ৰমিক বোলে | ইয়াৰ ফলত সিহত মানসিক আৰু শাৰীৰিক ভাৱে যথেষ্ট ক্ষতিগ্রষ্ট হয় | অসমত সাধাৰনতে চাহ বাগানত , উদোগ কিছুমানত , মানুহৰ ঘৰত , হোটেল ৰেষ্টুৰাত , ইটাৰ ভাটাত , পিঠিত গধুৰ বস্তুা কঢিয়াই ফুটপাথৰ ডাস্টবিনত পেলনীয়া বস্তু বিচাৰি ফুৰা আদি দেখা যায় | পঢ়াশালিলৈ যোৱাৰ পৰিৱৰ্তে পৰিয়ালৰ দায়িত্ব পালনৰ কাৰণে এচাম শিশুৱে অনিচ্ছাসত্বেও এনেবোৰ কাম কৰিবলৈ আগবঢ়ি যায় |
আন্তৰ্জাতিক শ্রমিক সংগঠন নামৰ সংস্থাটোৱে শিশু সকলক এনেবোৰ কাৰ্য্যাৱলীৰ পৰা মুক্ত কৰিবলৈ ২০০২ চনৰ ১২ জুন তাৰিখটো শিশু শ্রমিক দিৱস ৰূপে পালন কৰিবলৈ আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই সমগ্র বিশ্বতে ১২ জুনৰ দিনতো শিশু শ্রমিক বিৰোধী দিৱস ৰূপে পালন কৰা হয়|
বৰ্তমান ভাৰত চৰকাৰেও শিশু শ্রমিক নিষিদ্ধ কৰাৰ লগতে প্রত্যেক শিশুৰ বাবে প্রাৰ্থমিক শিক্ষা বাধ্যতামূলক কৰি বিভিন্ন ধৰণৰ বিনামূলীয়া আঁচনি গ্রহন কৰিছে যদিও, এতিয়াও অসমৰ বিভিন্ন ঠাইত বহুতে শিশু শ্রমিক নিয়োগ কৰি আহিছে | তদুপৰি, বিভিন্ন বেচৰকাৰী সংস্থা “বচপন বচাও” আন্দোলন, “কেয়াৰ ইণ্ডিয়া চাইল্ড লাইন” , “গ্লোৱেল মাৰ্চ এগেইনষ্ট চাইল্ড লেৱাৰ” ইত্যাদি বিভিন্ন সংগঠনে শিশু শ্রমিক নিৰ্মূলৰ কাৰণে যথেষ্ট কাম কৰি আছে আৰু বহুখিনি উপকৃতও গৈছে|