যুৱ নেত্ৰী জুৰী শৰ্মা বৰদলৈয়ে আজি কংগ্ৰেছ দল ত্যাগ কৰে।
তেওঁ সম্বোধন কৰে এক বিশেষ সংবাদমেল।সংবাদমেলত তেওঁ দল ত্যাগ কৰাৰ কাৰণ সমূহ বাখ্যা কৰে।
তেওঁ কয় যে- –
১) কংগ্ৰেছ এতিয়া ধৰ্মনিৰপেক্ষ নহয়,সাম্প্ৰদায়িক দলহে।
এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা আটাইতকৈ ডাঙৰ ভুল আছিল
২) ৰাহুল গান্ধীক জনসাধাৰণে বিচৰা নাই,কিন্তু বাৰে বাৰে তেওঁক আগস্থান দি অহা হৈছে।
৩) হাই কামাণ্ডৰ ওচৰত অভিযোগ দিলে কোনো গুৰুত্ব নিদিয়ে
৪) AICC ৰ শীৰ্ষ নেতৃত্বই নিৰ্বাচনত ভুল কৰিলে।
কৰ্মীৰ অনুভৱক গুৰুত্ব নিদিলে
৫) CAA ক লৈ দলে দুমুখীয়া স্থিতি লৈছে
৬) সংখ্যালঘু বুলি কলে অকল বাংলাদেশী মুছলমানক হে জানে এতিয়াৰ কংগ্ৰেছে।
খ্ৰীষ্টিয়ান সকল,অসমীয়া মুছলমান সকলক নধৰে
৭) কংগ্ৰেছে এতিয়া ভুৱা প্ৰতিশ্ৰুতিৰ ভাণ্ডাৰ।
কৰ্মীৰ কথা নেতৃত্বই নুশুনে।
৮) ৰিপুন বৰাৰ প্ৰতিটো পৰিকল্পনা আছিল ভুল।
ৰকিবুল হুছেইনে কংগ্ৰেছ দল ধ্বংস কৰাত গুৰুত্ব দিলে।
নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ওয়াজেদ আলি চৌধুৰী,ৰকীবুল হুছেইন য়ে আই ইউ ডি এফৰ লগত মিত্ৰতা কৰিলে।
৯) হিমন্তবিশ্ব এগৰাকী দক্ষ নেতা।
তেওঁক কংগ্ৰেছত ৰাখিবলৈ আমি বহুত চেষ্টা কৰিছিলো।
১০) কংগ্ৰেছৰ ধৰ্মনিৰপেক্ষতা দুমুখীয়া। বিজেপি স্পষ্টভাৱে হিন্দুত্ববাদী।
তেওঁলোকৰ স্থিতি স্পষ্ট।
অনাগত দহ বছৰলৈ অসমত কংগ্ৰেছৰ সুদিন নাহে।
অৱশ্যে বৰদলৈয়ে দল ত্যাগ কৰি কোন নতুন দলত যোগ দিব সেয়া স্পষ্ট কৰা নাই।
তেওঁ সামাজিক কাম কাজতে আহি থকা দিনত অধিক নিষ্ঠাৰে জড়িত হৈ থাকিব বুলি জনাই সংবাদমেলত।
উল্লেখ্য যে জুৰি শৰ্মা বৰদলৈৰ সৈতে মুঠ ১৫০ গৰাকী কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰিছে।