উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলযিজ ইউনিয়নৰ গুৱাহাটী শাখাৰ উদ্যোগত ২০ জুনৰ সন্ধিয়া শাখা কাৰ্যালয় চৌহদত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি এক সোঁৱৰণী অনুষ্ঠান অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনৰে অনুষ্ঠানটো মুকলি কৰে ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ যুটীয়া সাধাৰণ সম্পাদক দিগন্ত কুমাৰ বৰুৱাই।
এই উপলক্ষে গুৱাহাটী শাখাৰ সম্পাদক অৰূপ কলিতাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ দিগন্ত কুমাৰ বৰুৱাই সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰি বহু গুণৰ অধিকাৰী হোৱা কলাগুৰুৱে মৃত্যু পৰ্যন্ত অসমীয়া কৃষ্টি – সংস্কৃতিৰ উত্তৰণৰ হকে নিজকে উৎসৰ্গিত কৰিছিল বুলি ব্যক্ত কৰে। আনহাতে গুৱাহাটী শাখাৰ সভাপতি গুনেন্দ্ৰ বৰুৱাই পৰিচালনা কৰা সাংস্কৃতিক অনুষ্ঠানত উদীয়মান শিল্পী তথা দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ নাতি, প্ৰয়াত শিল্পী ঋতুপৰ্ণ শৰ্মাৰ পুত্ৰ তুহিন শৰ্মাকে ধৰি কেবাজনো শিল্পীয়ে সংগীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। তেনেদৰে ইউনিয়নৰ গুৱাহাটী শাখাৰ পৰিয়ালৰ কেবাজনো শিশু শিল্পীৱে বিষ্ণু প্ৰসাদ ৰাভাৰ নৃত্য প্ৰদৰ্শন কৰে।