প্ৰশাসনে বুলড’জাৰ চলাব উত্তৰ গুৱাহাটীত। উত্তৰ গুৱাহাটীৰ লেঙা চাপৰিত সন্দেহযুক্ত লোকৰ আগ্ৰাসন ঘটিছে আৰু একাংশ ছদ্মবেশী কৃষকে খেতি মাটি ভাৰালৈ দি জমিদাৰী প্ৰথা চলাই আহিছে। নিজে খেতি নকৰি চৰকাৰী ভূমিত বেআইনী ভাৱে আনক ভাৰালৈ দি আহিছিল বহু লোকে।
১৫ ছেপ্তেম্বৰৰ পূৰ্বে লেঙা-ৰংমহল চাপৰিৰ চৰকাৰী ভূমি খালি কৰাৰ নিৰ্দেশ দি উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপৰ ছীল মোহৰ মৰা এক জাননী আঁৰিছে দেৱালে দেৱালে। এই জাননীৰ পিছত থলুৱা কৃষক উৎফুল্লিত হৈছে। লেঙাত চৰকাৰী ভুমি বেদখলৰ কথা স্বীকাৰ কৰি উচ্ছেদক আদৰণি জনাইছে কৃষকে।
উল্লেখ্য যে দক্ষিণ লেঙাৰ ২৮২ বিঘা চৰকাৰী ভূমি আৰু উত্তৰ ফুলুঙৰ ৮০০ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে। ইয়াৰ বিপৰীতে কিন্তু হাজাৰ হাজাৰ বিঘা মাটিত বেদখল হৈ আছে। উত্তৰ ফুলুং ৰাজহ গাঁৱৰ ১৭ দাগৰ ৭৩০ বিঘা বীজ নিগমৰ ভূমি আৰু ২২নং দাগতো বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি বেদখল হৈ আছে।