বিগত বিত্তীয় বৰ্ষৰ অন্তিম দিনটোত মাজ নিশালৈকে কাৰ্যালয় খোলা ৰাখি ৰাজপথত তালাচী চলালে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে৷ যানবাহনৰ নথিপত্ৰ নৱীকৰণ আৰু কৰ অনাদায়কাৰী বাহনৰ বিৰুদ্ধে যোৱা এমাহে বিৰামহীন অভিযান চলোৱাৰ অন্তত বৃহস্পতিবাৰে কোনোৱে যাতে কৰ আদায় নিদিয়াকৈ সাৰি যাব নোৱাৰে তাৰ বাবে প্ৰতিখন বাহনতে তন্নতন্নকৈ তালাচী চলালে অভিযানকাৰী দলে। উল্লেখ্য যে, চূড়ান্ত সময়সীমা উকলিবলৈ মাত্ৰ কেইঘন্টা মানহে থকা অৱস্থাতো বহুতেই কৰ আদায় নিদি নথিপত্ৰৰ বিভিন্ন বিসঙ্গতিৰে বিনাদ্বিধাই ঘূৰি ফুৰাৰ তথ্য ফাদিল হোৱাত অভিযানকাৰী দলে ৰাজপথতে বহু বাহনৰ পৰা জৰিমণাসহ যান-বাহনৰ কৰ আদায় কৰে৷ ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাস আৰু পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ নেতৃত্বত বিভাগৰ উচ্চপদস্থ বিষয়াৰ অভিযানকাৰী দলে বৃহস্পতিবাৰে মহানগৰীৰ বেতকুছিত খানাপাৰা অভিমুখী আৰু জালুকবাৰী অভিমুখী দুয়োতা পথতে সমানে সমানে তালাচী চলোৱাৰ লগতে ধাৰাপুৰ, গৰল, ভূটনাথ আদি বৃহৎ অঞ্চলৰ ৰাজপথেৰে চলাচল কৰা বাহনত তালাচী চলায়।
যানবাহন পৰিদৰ্শক কানাই মহন্ত, জয়সিং ৰংফাৰ, দুৰ্গা গগৈ, বলেন পাঠক, প্ৰৱৰ্তক পৰিদৰ্শক পদুম বাহাদুৰ লামা, মৰমী পাঠকৰ লগতে জয়ন্ত কাকতি, বদ্ৰুল আলি, ধীৰাশ্ৰী দাস, সুমীত্ৰা চৌধুৰী, মীৰা পাটোৱাৰী, পংকজ দাস, দীপাঙ্কৰ শৰ্মা, সিদ্ধেশ্বৰ ৰাহাং, সুনীতা দাস, বেবীলতা দলেকে ধৰি বিভাগৰ বিভিন্ন উচ্চপদস্থ বিষয়া-কৰ্মী যোৱা কেইদিনৰ দৰে বৃহস্পতিবাৰেও কেইবাটাও ভাগত বিভক্ত হৈ গুৱাহাটীৰ গুৰুত্বপূৰ্ণ স্থানত মাজ নিশালৈকে ১৫০০ৰো অধিক বাহনত তালাচী অব্যাহত ৰাখে ৷ তালাচীৰ সময়ত বছৰ বছৰ ধৰি কৰ আদায় নিদিয়াৰ উপৰি নথিপত্ৰৰ গুৰুতৰ বিসঙ্গতিত বহু বাহনৰ পৰা ঠিতাতে কৰ আদায় কৰি ১৪০ৰো অধিক বাহনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি বিলাসী বাহনসহ ব্যক্তিগত আৰু ব্যৱসায়িক বিভিন্ন ক্ষেত্ৰৰ ৬০ৰো অধিক বাহন জব্দ কৰে।
জব্দ হোৱা বহু বাহনেই জৰিমণাসহ কৰ আদায় দি দোষমুক্ত হোৱাৰ বিপৰীতে বহুতেই কৰ পৰিশোধ কৰিব নোৱাৰি বিভাগৰ কাৰ্যালয় চৌহদতে আবদ্ধ হৈ থাকিবলগীয়া হয় ৷ উল্লেখ্য যে নিদ্ধাৰিত সময়সীমাৰ ভিতৰত যিসকলে কৰ আদায় দিয়াৰ লগতে নথিপত্ৰসমূহ নৱীকৰণেৰে ৰাজ্যৰ সুৰক্ষিত যাতায়ত ব্যৱস্থাৰ প্ৰতি সহযোগ আগবঢ়ালে সেই সকলোকে ধন্যবাদ জনায় ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে৷