বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে শনিবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তই এক সংবাদমেলযোগে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ঘোষণা কৰে।
মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটো হ’ল ২২মাৰ্চ ।
‘১০০০তকৈ অধিক ভোটাৰ থাকিলে নতুন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব ভোটাৰসকলক।
নতুনকৈ ৫০৩টা ভোটকেন্দ্ৰ কামৰূপত সাজু কৰা হৈছে।’- কেন্দ্ৰই ধৰি দিয়া ভোটদানৰ নিয়মক লৈ মন্তব্য প্ৰদান জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ।
কামৰূপত মুঠ ১৭০৭টা ভোটকেন্দ্ৰ আছ। ইয়াৰে ১৪টা আৰ্দশ ভোট কেন্দ্ৰ।
লগতে নতুনকৈ ৬০টা মহিলা ভোটকেন্দ্ৰ সাজু কৰা হৈছে।
পূৰ্বৰো ৬০টা আছিল, যি সংখ্যা বৰ্তমানে বৃদ্ধি পাই সৰ্বমুঠ ১২০টা হৈছে।
লগতে ৪টা সমষ্টিত নতুন ভোটাৰৰ সংখ্যা ৫০,০০০ কৈ অধিক বুলি জানিবলৈ দিছে সংবাদমেলখনতেই।
লগতে ৰাইজৰ অভিযোগ দাখিলৰ বাবেও এক ফোন নম্বৰ সদৰি কৰিছে- ০৩৬১৩৫১৭৪১২ (03613517412) লগতে টোল ফ্ৰী নম্বৰ ১৯৫০( 1950)।
Photo: Google