উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ত মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে ১২ আগষ্টত দায়িত্বভাৰ গ্ৰহণ কৰিছে ভাৰতীয় ৰেলৱেৰ ২০১৪ বেটছৰ ট্ৰেফিক সেৱাৰ বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই। তেঁও বিদায়ী মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে’ৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে।
উল্লেখ্য যে আই আই টি , গুৱাহাটীৰ পৰা চিভিল ইঞ্জিনীয়াৰিঙৰ স্নাতক আৰু স্ট্রাকচাৰেল ইঞ্জিনীয়াৰিঙৰ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰা শৰ্মাই ইয়াৰ পূৰ্বে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আলিপুৰদুৱাৰ, লামডিঙকে ধৰি বিভিন্ন সংমণ্ডলত জ্যেষ্ঠ মাণ্ডলিক প্রবন্ধক, জ্যেষ্ঠ মাণ্ডলিক বাণিজ্যিক প্রবন্ধক পদত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰিছিল। শেহতীয়াকৈ তেওঁ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সদৰ কাৰ্যালয়ত উপ-মুখ্য বাণিজ্যিক প্রবন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।