পৌৰসভা নিৰ্বাচন আৰু মাজুলীৰ উপ-নিৰ্বাচনৰ পাছত ৰাজ্যত অনুষ্ঠিত হব কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। ২০২২বৰ্ষৰ ২৪, ২৫ এপ্ৰিলত অনুষ্ঠিত হব পাৰে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। খবৰ অনুসৰি, চলিত বৰ্ষৰ মাৰ্চৰ শেষৰ ফালে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, বৰ্তমানৰ কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যকাল চলিত বৰ্ষৰ এপ্ৰিলত অন্ত পৰিব। সেয়েহে মে’ৰ ভিতৰত নতুন স্বায়ত্ত পৰিষদে দায়িত্ব লব লাগিব। এই পৰিষদৰ সদস্যৰ সংখ্যা ৩০গৰাকী। ইয়াৰ মুখ্য কাৰ্যবাহী সদস্যৰ পদত আছে তুলিৰাম ৰংহাং।
ষষ্ঠ অনুসূচী অনুসৰি কাৰ্বি আংলং জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলা সামৰি এই স্বায়ত্ত শাসিত পৰিষদ গঠন কৰা হৈছিল। এইবাৰৰ পৰিষদত সদস্যৰ সংখ্যা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ পাছতে ৰাভা স্বায়ত্ত শাসিত পৰিষদ আৰু মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।