টোল কৰ সংগ্ৰহ কৰিবলৈ এফালে FASTagৰ প্ৰয়োগক এক পৰিৱৰ্তনকাৰী পদক্ষেপ হিচাপে প্ৰদৰ্শিত হৈছে, আনফালে কিছু সংখ্যক লোকে বৰ্তমানলৈ এই পদক্ষেপক স্বীকাৰ কৰিবয়ে পৰা নায়।
টোল প্লাজাত প্ৰায়ে স্থানীয় লোক আৰু টোল কোম্পানীসমূহৰ মাজত হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।
কৰ্ণাটকৰ হেজামড়ী টোল প্লাজা ইয়াৰ সতেজ উদাহৰণ হয়।
তাত হেজামড়ী গাঁওবাসীৰ কথা নুশুনাত তেওঁলোকে টোল বুথৰ বাইপাছ কৰিবলৈ সমান্তৰালকৈ এটা পথ নিৰ্মাণ কৰে।
দৰাচলতে, মংগলুৰু-উদুপী ৰাষ্ট্ৰীয় ঘাইপথত এটা নতুন পথ নিৰ্মাণ কৰা হৈছিল।
তাত থকা টোল প্লাজাত FASTag বাধ্যতামূলক কৰি দিয়াৰ পিছত, হেজামড়ীৰ গাঁওবাসীক ৰেহাই দিয়া হৈছিল।
কিন্তু গাঁওখনৰ পৰা যাত্ৰীসকলক নিয়া ৪খন বাছক কোনোধৰণৰ ৰেহাই দিয়া হোৱা নাছিল।
আৰু ইয়াৰ সমাধান উলিয়াবলৈ গাঁওবাসীয়ে টোল বুথটোক বাইপাছ কৰিবলৈ সমান্তৰালকৈ এটা পথ নিৰ্মাণ কৰে।
গাঁওবাসীয়ে জানিবলৈ দিয়া অনুসৰি, বিষয়াসকলে প্ৰতিশ্ৰুতি দিছিল যে গাঁৱৰ পৰা যাত্ৰীসকলক আনিবলৈ যোৱা বাছক ৰেহাই প্ৰদান কৰা হ’ব,
কিন্তু এই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। তেওঁলোকে বহু অপেক্ষা কৰিলে।
অৱেশষত তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিল।
ইফালে NSIৰ বিষয়াসকলে দাবী জনাইছে যে, স্থানীয় লোকসকলে টোল শুল্কৰ বিহিব নিবিচাৰে।
আপুনি এই ক্ষেত্ৰত কি মতামত দিব বিচাৰে?
FASTagৰ প্ৰয়োগ এক পৰিৱৰ্তনকাৰী পদক্ষেপ বুলি আপোনালোকে ভাৱে নে?
Photo: Google