ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰীৰ উপকণ্ঠৰ যোৰাবাটতো বুধবাৰে মিচিং জনগোষ্ঠীৰ লোকসকলে ব্যাপক উলহ-মালহেৰে আলি আয়ে লৃগাং উৎসৱ পালন কৰে। এই উপলক্ষে যোৰাবাট কাৰ্পুমপুলি উন্নয়ন সমিতিৰ উদ্যোগত আৰু যোৰাবাটৰ ৰাইজৰ সহযোগত কাৰ্পুমপুলি খেলাপথাৰত আয়োজিত ১৪তম আলি আ:য়ে লৃগাং উৎসৱৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি সদানন্দ পাটগিৰি পেগুৱে। স্মৃতি তৰ্পন অনুষ্ঠানটি মুকলি কৰে উপদেষ্টা পুনেশ্বৰ দলেয়ে।
আনহাতে উদযাপন থলীতে আটোমটোকাৰিকৈ নিৰ্মাণ কৰি উলিওৱা জনগোষ্ঠীয় মুৰং ঘৰ উদ্বোধন কৰে স্থানীয় বিধায়ক অতুল বৰাই। ইয়াৰ পাছতে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হ’য়। অনুষ্ঠানত প্ৰদৰ্শিত গুমৰাগ নৃত্য, বড়ো, কাৰ্বি, তিৱা লোকনৃত্যই ৰাইজক আপ্লুত কৰি ৰাখে। ইফালে বিয়লিলৈ অনুষ্ঠিত হোৱা মুকলি সভাত মিচিং চলচিত্র জগতৰ জড়িত অফিচাৰ চাইট, জেষ্ঠ নাগৰিক ৰুদ্ৰেশ্বৰ পেগু,জিলা পৰিষদৰ সদস্য দিলীপ দাস, কামৰূপ মহানগৰ জিলা পৰিষদৰ সভানেত্রী শিৰোমনি কোৱঁৰ, ডিমৰীয়া জিলা জনজাতি সংঘৰ সভাপতি ৰত্নেশ্বৰ ৰাহাং প্ৰমুখ্যে বিশিষ্ট লোকসকলে উপস্থিত থাকি লৃগাঙৰ ওপৰত সাৰুৱা বক্তব্য ৰাখে।