অমল প্রভা দাসৰ ১১১ সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি কস্তুৰবা ট্রাষ্ট আৰু সর্বোদয় ট্রাষ্টৰ যৌথ উদ্যোগত আজি গুৱাহাটীৰ উলুবাৰীস্থিত শৰণীয়া আশ্ৰম চৌহদত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত অমলপ্ৰভা দাস সোঁৱৰণী বঁটা, ডাঃ তিলোত্তমা ৰায়চৌধুৰী বঁটা আৰু ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। ২০২২ বৰ্ষৰ অমলপ্রভা দাস সোঁৱৰণী বঁটা এইবেলি লাভ কৰিছে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালকপ্রধান বিশিষ্ট সমাজসেৱক নিশিনাথ চাংকাকতিয়ে। এই বঁটাত আছে ৫০ হাজাৰ টকাৰ চেক প্ৰশক্তি পত্ৰ, অংগবস্ত আৰু এটা স্মাৰক। অৱশ্যে শাৰীৰিক অসুস্থতাৰ বাবে নিশিনাথ চাংকাকতিয়ে অনুষ্ঠানত উপস্থিত থাকিব নোৱৰা বাবে উদ্যোক্তাসকলে তেওঁক ঘৰত গৈ এই বঁটা প্ৰদান কৰিব বুলি ট্ৰাষ্টৰ সম্পাদিকা নয়ন ভাণ্ডাৰী শৰ্মাই জানিবলৈ দিছে। তেনেদৰে ২০২২ বৰ্ষৰ ডাঃ তিলোত্তমা ৰায়চৌধুৰী বঁটা এইবেলি লাভ কৰিছে চিকিৎসা বিজ্ঞানত ২০২১ বৰ্ষৰ স্নাতক পৰীক্ষাত স্ত্ৰীৰোগ আৰু শল্য চিকিৎসা বিষয়ত সর্বোচ্চ নম্বৰ পোৱা চিকিৎসক তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী ডাঃ মণিকা আৰু ২০২২ বর্ষৰ ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা লাভ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী ডাঃ অনন্যা চক্ৰৱৰ্তীয়ে।
এই বঁটাত আছে পোন্ধৰ হাজাৰ টকা এখন প্রশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু এটা স্মাৰক। আনহাতে, অমলপ্রভা দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত বৰগীত পৰিৱেশন কৰে কবিতা বৈশ্যই। সৰ্বোচ্চ ট্ৰাষ্টৰ উপাধ্যক্ষ স্বদেশ ৰঞ্জন বিশ্বাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটো সাম্প্ৰতিকভাৱে পৰিচালনা কৰে ট্ৰাষ্টৰ সম্পাদিকা নয়ন ভাণ্ডাৰী শৰ্মাই। অনুষ্ঠানত অসম ৰাজ্যিক মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষা মৃদুলা চহৰীয়াই অমলপ্ৰভা দাসৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত চমুকৈ আলোকপাত কৰে। আনহাতে, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ বিশিষ্ট লেখক- চিন্তাবিদ ময়ুৰ বৰাই তিনিওগৰাকী মহান ব্যক্তিৰ ত্যাগ আৰু কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত ২০০৮ বৰ্ষৰ পৰা সৰ্বোদয় ট্রাষ্টে গুৱাহাটীকে ধৰি কাষৰীয়া অঞ্চলৰ আৰ্থিকভাৱে দুৰ্বল আৰু পিতৃ-মাতৃহীন ছাত্র-ছাত্রীক প্রদান কৰি অহা জলপানি এইবেলি ছয়গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয়। এই জলপানি স্নাতক মহলাত অধ্যয়ন কৰাৰ সময়লৈকে বছৰি ছয় হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। অনুষ্ঠানত শুৱালকুছিৰ মহিলা থিয় নামৰ দলে নাম পৰিৱেশন কৰে। আনহাতে পূৰবী বৰুৱাই আঁত ধৰা অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়াই কস্তুৰবা ট্রাষ্ট অসমৰ প্রতিনিধি বিউটি দাসে।