কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত এক ভয়ংকৰ ঘটনা সংঘটিত হয়।
কহঁৰা বনাঞ্চলৰ মিহিমুখত সংঘটিত হৈছে এই ঘটনাটো।
পৰ্যটক কঢ়িয়াই লৈ যোৱা জীপচিত লাগে জুই। কথমপি প্ৰাণ ৰক্ষা ৬ গৰাকী পৰ্যটকৰ।
বেংগালুৰুৰ পৰা কাজিৰঙা পৰিভ্ৰমণ কৰিবলৈ আহিছিল ৬জনীয়া পৰ্যটকৰ দলটো।
ঘটনাটোৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ নিৰ্বাপন কৰে জুই।
যান্ত্ৰিক বিজুতিৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিবলৈ পৰা গৈছে।
কাজিৰঙাত বহু জৰাজীৰ্ণ জীপছি চলি থকাৰ উত্থাপন হোৱা অভিযোগ দীৰ্ঘদিনৰে পৰা চলি আছে।
আজি অগ্নিকাণ্ড সংঘটিত জীপছিখনৰ চালকৰ নাছিল অনুজ্ঞা পত্ৰ।
Photo And Input: Kishan Chetri