পৰ্যটকক আদৰিবলৈ পুনৰ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ৷ অহা ১৫ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব ৰাষ্ট্ৰীয় উদ্যানখন ৷
ৰাজ্যৰ মুখ্য প্ৰধান বন সংৰক্ষক এম কে যাদৱে এই কথা প্ৰকাশ কৰিছে৷ এইবাৰ পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণ হ’ব গঁড়ৰ খৰ্গৰ ছাইৰে নিৰ্মিত তিনিটা গঁড়ৰ প্ৰতিমূৰ্তি৷ ২০২১ বৰ্ষৰ ২২ ছেপ্টেম্বৰত দাহ কৰা গঁড়ৰ খৰ্গৰে নিৰ্মাণ কৰি থকা হৈছে গঁড়ৰ প্ৰতিমূৰ্তিকেইটা৷
উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰতি বছৰে এক অক্টোবৰত পৰ্যটকৰ বাবে জীপ ছাফাৰী আৰু এক নৱেম্বৰত হাতী ছাফাৰী মুকলি কৰা হয়৷ এইবাৰ বতৰৰ প্ৰতিকুল অৱস্থাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ ক্ষেত্ৰত কিছু থমকিব লগীয়া হৈছে উদ্যান কৰ্তৃপক্ষ৷