আজি কেৰালাৰ চৰকাৰে ৰাজ্যখনত সম্পূৰ্ণৰূপে লকডাউনৰ ঘোষণা কৰে।
বৰ্দ্ধিত ক’ৰোনা সংক্ৰমণৰ ২য় ঢৌৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰয়ী বিজয়ানে ঘোষণা কৰে লকডাউনৰ।
৮ মে’ পৰা ১৬ মে’লৈ সম্পূৰ্ণৰূপে লকডাউন হ’ব কেৰালাত।
The entire State of Kerala will be under lockdown from 6am on 8 May to 16 May. This is in the background of a strong 2nd wave of #COVID19.
— Pinarayi Vijayan (@pinarayivijayan) May 6, 2021
প্ৰথম অৱস্থাত ৯ দিনৰ বাবে কাৰ্যকৰী হ’ব এই লকডাউনৰ।
এই সময়ছোৱাত জৰুৰীকালীন সেৱাৰ বাহিৰে বাকী সকলো বন্ধ হৈ পৰিব।
ক’ৰোনাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দিনত সিদ্ধান্ত গ্ৰহণ কৰিব কেৰালা ৰাজ্য চৰকাৰে।
জানিব পৰা অনুসৰি কেৰালাত এদিনতে সৰ্বাধিক ৪১,৯৫৩ জন ক’ৰোনাত আক্ৰান্ত হৈছে ।
Photo Credit : Google