আজি জনতা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত গ্ৰহণ কৰা হয় কেতবোৰ বিশেষ সিদ্ধান্ত।
সিন্ধান্তসমূহ——-
-ৰাজেন গোহাঁইক কেবিনেট মৰ্যাদা প্ৰদান ।
-অধ্যাপক ড০ ননীগোপাল মহন্তক হ’ব শিক্ষা বিভাগৰ উপদেষ্টা।মহন্তই লাভ কৰিব ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা।
-নদীৰ পলসুৱা মাটি উঠোৱাৰ ক্ষেত্ৰত জিলা উপায়ুক্তক প্ৰদান কৰা হৈছে পূৰ্ণ কৰ্তৃত্ব।
-একচনীয়া পট্টা থকা লোকসকলক পি এম কিষাণ যোজনাৰ বাবে যোগ্য হিচাপে বিবেচনাৰ সিদ্ধান্ত গ্ৰহণ।
-আনহাতে তৌজিবাহী খাজনা থকাসকলো অন্তৰ্ভুক্ত হ’ব এই আঁচনিত।
-প্ৰতিখন জিলাত গঠন কৰা হ’ব জিলা তদাৰক কমিটী আৰু নিৰীক্ষণ কমিটী।
-প্ৰতিটো ব্লকত গঠন কৰা হ’ব ব্লক তদাৰক কমিটী আৰু নিৰীক্ষণ কমিটী।