বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিলে বাজেট। গীতাৰ শ্লোকেৰে বাজেট পাঠ কৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে।
সোণোৱাল চৰকাৰৰ এইখন অন্তিমখন বাজেট।
বাজেট দাখিলৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰি কয় যে ”৫ বাৰকৈ বাজেট দাখিল কৰাটো মোৰ বাবে সৌভাগ্য”।
বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণাঃ-
- ৬ মাহৰ বাবে ৬০,৭৮৪.০৩ কৌটি ব্যয়ৰ লক্ষ্য ধার্য লেখানুদানত ।
- ৰাজ্যিক ঘৰুৱা উৎপাদনত ৭.৭১ শতাংশলৈ বৃদ্ধি।
- ২০২১-২২ৰ ভিতৰত কেন্দ্ৰীয় কৰ ২০,৬০১ কোটি অনুমোদন
- ১৬,৫২৯ কোটিলৈ বৃদ্ধি ৰাজ্যৰ ৰাজস্ব।
- অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ ৮৩০ ৰ পৰা ৩০০০ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ। এই আঁচনিৰ দ্বাৰা ১৭,২৫,৫৯০ গৰাকী মহিলাৰ লাভ।
- ৰাজ্যৰ ৮,৭৫৬টা নামঘৰলৈ চৰকাৰে ২১৮ কোটি টকা প্ৰদান কৰিছে।
- উত্তৰণ আঁচনিৰ অধীনত ১২৪ প্ৰজেক্ট আৰম্ভ কৰা হৈছে।
- ১০০০ খন বাঁহৰ দলং RCC দলঙলৈ পৰিৱৰ্তন কৰা হৈছে।
- ৮৭০খন দলঙৰ কাম ইতিমধ্যে সম্পূৰ্ণ আৰু ২০৪১খন দলঙৰ কাম চলি আছে।
- ক’ভিডৰ সময়ছোৱাত ১০০০খন ICU বিছনা ৰাজ্যত প্ৰদান কৰা হৈছে আৰু ৪,৫০০খন বিছনা সাধাৰণ হাস্পতালৰ বাবে।
- ‘চাহ বাগিচা ধন পুৰষ্কাৰ মেলা’ৰ অধীনত মুঠ ৭.৫ লাখ চাহ-বাগিচাৰ শ্ৰমিকসকল সুবিধা লাভ কৰিছে।
- এপ্ৰিল ২০২১ ৰ পৰা ৩০ ছেপ্টেম্বৰ ২০২১ ৰ বাবে এই পুঁজি ব্যয়ৰ লক্ষ।
- আজি মাজি নিশাৰ পৰা ৫ টকাকৈ হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য ।
- ৰাজ্য চৰকাৰৰ কভিড কালত আৰোপ কৰা অতিৰিক্ত উপকৰ উঠাই দিব আজি নিশাৰ পৰা।
- হ্ৰাস পাব সুৰাৰ দাম। ২৫% অতিৰিক্ত উপকৰ উঠাই লোৱা হ’ব সুৰাৰ পৰা। covid-১৯ কালত লগোৱা হৈছিল এই উপকৰসমূহ ।
- অৰুন্ধতি স্বৰ্ণ আঁচনিৰে ১৮১৫ কন্যা লাভন্বিত।
- ১৬-১৭ ত অসমে কেন্দ্ৰ পৰা লাভ কৰে ১০,৪৪৪.০৭ কোটি টকা।
- ২০১৯-২০ ত এয়া বৃদ্ধি হয়গৈ ১৬,১০১.৫৪ কোটি টকালৈ।
Photo: Google