বিগত কেইদিনত হৈ থকা বৰষুণ আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানী গুৱাহাটীত বিপদসীমাৰ সামান্য তললৈ আহিলেও এতিয়াও সতৰ্কতামূলক স্তৰৰ ওপৰৰে বৈ থকাত দীপৰ বিলৰ পানীভাগ সম্প্ৰতি ওফন্দি উঠিছে। যাৰ বাবে দীপৰ বিলৰ পৰা ব্ৰহ্মপুত্ৰ নদী সংযোগী খানাজানৰে পানীভাগ বৈ যাব নোৱাৰাত দীপৰ বিলৰ গাতে লগা খানামুখৰ হাওৰাপাৰ অঞ্চলৰ বিস্তীৰ্ণ অঞ্চল বানৰ কৱলত পৰিছে। বহু বাসিন্দাৰ ঘৰৰ চৌহদ তিনিদিন ধৰি পানীৰে উপচি থকাত স্বাভাৱিক জনজীৱন প্ৰায় ব্যাহত হৈ পৰিছে। ফলত হাওৰাপাৰৰ আৱাসিক এলেকাৰ সমান্তৰালভাবে কৃষক ৰাইজো ভীষণ অসুবিধাৰ সন্মুখীন হব লগা হৈছে। ওফন্দি উঠা তথা বাঢ়নী পানীভাগৰ বাবে কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ধাৰাপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত খানামুখ হাওৰাপাৰৰ খেতিপথাৰ পানীৰে ভৰি আছে। যাৰ বাবে কৃষকসকলৰ কঠীয়াতলী সমুহ পানীৰ তলত থকাত তেওঁলোকে কঠীয়া সিচিব পৰা নাই। যদি বৰষুণৰ পৰিমাণ বৃদ্ধি পাই তেন্তে দীপৰ বিলৰ ওফন্দি উঠা পানীভাগৰ বাবে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি গুৱাহাটীৰ পশ্চিম প্রান্তৰ এক বিস্তীর্ণ অঞ্চল বানৰ কবলত পৰাৰ সম্ভাবনা আছে। খানামুখ হাওৰাপাৰ অঞ্চলৰ উদীয়মান কৃষক ধন কলিতা, ধীৰাজ কলিতা ( দুলু ) , দিলীপ কলিতা (চক্ৰ) মাণিক কলিতাকে ধৰি কেবাজনো কৃষকে জানিবলৈ দিয়া মতে যদি এই পৰিস্থিতি আৰু এটা সপ্তাহ অব্যাহত থাকে তেন্তে দীপৰ বিলৰ ওফন্দি উঠা পানীভাগৰ বাবে বহু কৃষকে সময়মতে কঠীয়া সিচিব বা ভূঁই ৰুব নোৱাৰাটো প্ৰায় নিশ্চিত।
উল্লেখ্য যে পূৰ্বতে দীপৰ বিলৰ পানী আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সমীপত থকা অৰ্জুনগুৰী দলঙৰে তলেৰে ওলাই গৈ ধাৰাপুৰ চাৰিআলি – পলাশবাৰী সংযোগী আসাম – ট্ৰাংক ৰোডৰ দাঁতিয়েদি থকা এটা প্ৰাকৃতিক জানত পৰিছিল। পাছত সেই পানী গৈ পলাশবাৰীত থকা ব্ৰহ্মপুত্ৰ নদী সংযোগী কালবুক নামৰ আন এখন সৰু নৈত পৰিছিল। কিন্তু বিগত তিনি – চাৰি বছৰ ধৰি সেই প্ৰাকৃতিক জানটোৰ লগতে অৰ্জুনগুৰী দলঙৰ বিপৰীত দিশৰ অংশখিনী মাটিৰে পুতি পেলোৱাৰ ফলত সেইফালে দীপৰ বিলৰ পানী ওলাই যাব পৰা ব্যৱস্থাটো সম্পূৰ্ণ বন্ধ হৈ পৰিছে।