নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবী গাঁৱত মাটিৰ সীমা বিবাদক কেন্দ্ৰ কৰি একেটা পৰিয়ালৰ মাজত এক মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। এই সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপাপ্ত হৈছিল দুয়োপক্ষৰ কেইবাজনো লোক। ইয়াৰে মজিবুৰ ৰহমান নামৰ এজন লোকে নিশাই মৃত্যু বৰণ কৰে। এই মাৰপিট ঘটনাৰ মুখ্য আচামী হিচাপে নাম থকা জহিৰুল ইছলাম নামৰ লোকজন সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি। আৰু আমছু নেতা জহিৰুল ইছলাম মৃত মজিবুৰ ৰহমানৰ নিজ ভতিজা । আৰু এইজন নিজ ভতিজা তথা আমছু নেতাৰ প্ৰহাৰত খুড়ায়েকৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ লোকে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু বটদ্ৰৱা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এতিয়ালৈকে এজনো হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই বটদ্ৰৱা আৰক্ষীয়ে।
ইফালে, এই হত্যাকাণ্ডৰ ঘটনাত নাম সাঙোৰ খোৱা আমছু নেতা জহিৰুলক তৎকালীন বাবে আমছুৰ পৰা অব্যাহতি দিয়ে আমছুৰ কেন্দ্ৰীয় সমিতিয়ে। আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি মোশ্বাৰফ হুছেইন কবিৰৰ নেতৃত্বত অহা এটি সঁজাতি দলে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লৈ গভীৰ দুখ প্ৰকাশ কৰে আৰু সংবাদ মাধ্যমৰ আগত আমছু নেতা জহিৰুল ইছলামক তৎকালীন বাবে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমছুৰ পৰা অব্যাহতি দিয়ে বুলি জনায়।