কোকৰাঝাৰ জিলাত বহু দিনৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে বিভিন্ন অঞ্চলত অবৈধ মাৰণস্ত্ৰৰ বিৰুদ্ধে অভিয়ান চলাই আহিছে ৷
আৰক্ষীয়ে চলোৱা এই অভিয়ানৰ সময়ছোৱাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
And the fight against anti-National elements gets stronger. Another stellar effort against militancy by Team BTAD. @KokrajharPolice recovered 5 AK 56 Rifles, 8 Magazines, 1 UBGL with 11 Shells, 1 HK Rifle, and a huge cache of ammunition under Sarainil OP of Gosaigaon PS. pic.twitter.com/BZ77LxQQrA
— Assam Police (@assampolice) February 3, 2021
কোকৰাঝাৰ আৰক্ষীয়ে জনোৱা অনুসৰি এই অভিযানত ৮টা মেগজিন, ৫টা এ.কে-৪৭-ৰাইফল, এটা এইছ.কে ৩৩ ই ৰাইফল, এটা ইউবিজিএল, ৮টা চীনত নিৰ্মিত গ্ৰেনেড আৰু ৩০০টা এ.কে ৫৬-ৰ সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য, আৰক্ষীয়ে এই অস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত ৬জন লোকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।