কোটাক মহিন্দ্ৰা এছেট মেনেজমেণ্ট কোম্পানী লিমিটেড (“কেএমএএমচি” / “কোটাক মিউচুৱেল ফাণ্ড”)এ মাল্টিনেচনেল কোম্পানীজ (MNC) থীমটোৰ পিছত কৰি এখন অপেন-এণ্ডেড ইকুইটি আঁচনি কোটাক এমএনচি ফাণ্ড মুকলি কৰাৰ কথা ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছে। এই ফাণ্ডে বিনিয়োগকাৰীসকলৰ বিকাশৰ সম্ভাৱনা আৰু সুস্থিৰতা ব্যৱহাৰ কৰি তেওঁলোকক আগশাৰীৰ এমএনচিবোৰত বিনিয়োগ কৰাৰ সুযোগ প্ৰদান কৰে। এই বৈচিত্ৰ্যময় পৰ্টফলিঅ’টো বিভিন্ন খণ্ড, ভৌগোলিক পৰিৱেশ আৰু বজাৰ মূলধনসমূহলৈকে বিস্তৃত হৈ আছে। এই আঁচনিখন 7 অক্টোবৰ, 2024 তাৰিখৰ পৰা 21 অক্টোবৰ, 2024 তাৰিখলৈ ৰাজহুৱা সদস্যতাৰ বাবে মুকলি থাকিব।
অতি ক্ষিপ্ৰ গতিত আন্তৰ্জাতিক হৈ উঠা পৃথিৱীখনত, বিভিন্ন ভৌগোলিক পৰিৱেশত ক্ৰমবৰ্ধানৰূপে ব্যৱসায় বৃদ্ধি কৰি গৈ থকা কোম্পানীবোৰে স্থিতিস্থাপকতাৰ প্ৰদৰ্শন দাঙি ধৰিছে। কোটাক এমএনচি ফাণ্ডে ইয়াৰ শক্তিশালী আন্তৰ্জাতিক ব্ৰেণ্ড উপস্থিতি, উন্নত কাৰ্যকৰী তথা প্ৰযুক্তিগত সুবিধা, ব্যতিক্ৰমী ব্যৱস্থাপনা মানদণ্ড আৰু বিত্তীয় সুদৃঢ়তাৰ বাবে জনাজাত বহুজাতিক কোম্পানীবোৰত বিনিয়োগ কৰাৰ ওপৰত মনোনিৱেশ কৰে। এই কোম্পানীবোৰে বিভিন্ন খণ্ডত ব্যৱসায় প্ৰসাৰিত কৰিছে আৰু গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক ব্যৱসায়িক বিশিষ্ট এক্সপোজাৰ আছে। এই ফাণ্ডে বিনিয়োগকাৰীসকলক এক বৈচিত্ৰ্যপূৰ্ণ পৰ্টফলিঅ’ প্ৰদান কৰে, যি এই সুপ্ৰতিষ্ঠিত আন্তৰ্জাতিক নিগমবোৰৰ দীৰ্ঘম্যাদী বিকাশৰ সম্ভাৱনা কঢ়িয়াই আনে।
কোটাক MNC ফাণ্ডৰ লক্ষ্য হৈছে বহুজাতিক কোম্পানীবোৰৰ ইকুইটি আৰু ইকুইটি-সম্পৰ্কীয় প্ৰতিভূতিসমূহত বিনিয়োগ কৰি দীৰ্ঘম্যাদী মূলধন বৃদ্ধি সৃষ্টি কৰা। বৃহৎ, মধ্যম আৰু ক্ষুদ্ৰ মূলধনী কোম্পানীবোৰৰ এক্সপোজাৰৰ যোগেদি বিভিন্ন বজাৰ মূলধনত বিনিয়োগ কৰিবৰ বাবে এই ফাণ্ডৰ এক নমনীয়তা আছে*। কেএমএএমচি-ৰ পৰিচালন সঞ্চালক নীলেশ শ্বাহে কয়, “বহুজাতিক নিগমসমূহে গৱেষণা, উদ্ভাৱন আৰু প্ৰযুক্তি বিদ্যাৰ যোগেদি এই ক্ষেত্ৰখনত নেতৃত্ব গ্ৰহণ কৰিছে। এই কোম্পানীবোৰে বিভিন্ন ভৌগোলিক পৰিৱেশত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে আৰু তেওঁলোকৰ কেতবোৰ শক্তিশালী আৱেষ্টনী যুক্ত প্ৰমাণিত ব্যৱসায়িক আৰ্হি আছে। কোটাক এমএনচি ফাণ্ডৰ লক্ষ্য হৈছে বিনিয়োগকাৰীসকলক বিভিন্ন খণ্ড, ভৌগোলিক পৰিৱেশ আৰু বজাৰ মূলধনত মাৰ্কেট লীডাৰবোৰত প্ৰৱেশ কৰিবলৈ সুবিধা আগবঢ়াই এই বহুজাতিক কোম্পানীবোৰৰ শক্তি-সামৰ্থৰ সুবিধা আদায় কৰা। এই ফাণ্ডৰ যোগেদি, আমি এনে কেতবোৰ কোম্পানীত বিনিয়োগ কৰাৰ লক্ষ্য ৰাখিছো যিবোৰৰ বিশ্বব্যাপী কেৱল শক্তিশালী খোপনি থকাই নহয়, তাৰ লগতে বিকাশৰ সম্ভাৱনাও প্ৰদৰ্শন কৰে। আমাৰ বিনিয়োগকাৰীসকলক আমি মূল্য প্ৰদান কৰা অব্যাহত ৰখাটো সুনিশ্চিত কৰি, আমি বিভিন্ন ধৰণৰ বজাৰ মূলধন আৰু খণ্ডবোৰত কেতবোৰ উপযুক্ত বিকল্প অধিকাৰ কৰিম।”
এই ফাণ্ডটো, এক অভিজ্ঞ গৱেষণা দলৰ দ্বাৰা সমৰ্থিত, হৰ্ষ উপাধ্যায় আৰু ধনঞ্জয় তিকাৰীহা-ৰ দ্বাৰা পৰিচালনা কৰা হ’ব। এই ফাণ্ডে বিভিন্ন বজাৰ মূলধন আৰু খণ্ডবোৰত সৰ্বশ্ৰেষ্ঠ সুযোগবোৰ লাভ কৰাটো নিশ্চিত কৰিবৰ বাবে, এক শক্তিশালী গৱেষণা দলৰ পৰা সূক্ষ্মদৃষ্টি তথা ৰূপৰেখা ব্যৱহাৰ কৰি, যুক্তিসঙ্গত মূল্যাঙ্কনত বহনক্ষম বিকাশৰ সম্ভাৱনা থকা কোম্পানীবোৰ চিনাক্ত কৰিব।
কেএমএএমচি-ৰ চিআইঅ’ আৰু ফাণ্ড মেনেজাৰ হৰ্ষ উপাধ্যায়ে কয়, “কোটাক এমএনচি ফাণ্ড বহুজাতিক কোম্পানীবোৰৰ সম্ভাৱনাৰ সুফলবোৰ ব্যৱহাৰ কৰিবৰ বাবে প্ৰস্তুত কৰা হৈছে যাৰ উদ্দেশ্য হৈছে উদ্ভাৱন আৰু কাৰ্যকৰী শক্তিৰ জৰিয়তে ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন দাঙি ধৰা। আমাৰ বিশ্বাস এমএনচিবোৰ, সিবিলাকৰ আন্তৰ্জাতিক দক্ষতা তথা স্থানীয় সূক্ষ্মদৃষ্টিৰ যোগেদি, ক্ৰবিকশিত বজাৰৰ গতিশীলতাৰ পৰা লাভান্বিত হ’বলৈ ভালদৰে সুন্দৰ ঠাইত অৱস্থান কৰিছে। আমি গুৰুত্ব দিম এক উপযুক্ত পৰ্টফলিঅ’ সৃষ্টি কৰাত, যি আমি বিভিন্ন অৰ্থনৈতিক চক্ৰত সুযোগ লাভ কৰাটো সুনিশ্চিত কৰি কেৱল বিকাশেই নহয়, স্থিতিস্থাপকতাও বিচাৰে।” এই আঁচনিখন 7 অক্টোবৰ, 2024 তাৰিখে ৰাজহুৱা সদস্যতাৰ বাবে মুকলি হ’ব আৰু 21 অক্টোবৰ, 2024 তাৰিখে বন্ধ কৰা হ’ব।