কামৰূপ জিলাৰ কৃতি শিক্ষক বঁটা প্ৰাপ্ত তথা পশ্চিম গুৱাহাটীৰ ৰাণী খণ্ড প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনৰ বেড়ীগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মামনি কলিতাক নৱাৰুণ সাহিত্য সভা, আমৰাঙা-বৰিহাটৰ সক্ৰিয় সদস্যা হিচাপে ১৮ ছেপ্টেম্বৰত তেঁওৰ আমৰাঙাস্থিত বাসগৃহত শাখাৰ সম্পাদক মিতুমনি দাসৰ নেতৃত্বত এটি দল উপস্থিত হৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে শাখাৰ হৈ আন্তৰিক শুভেচ্ছা জনাই। অনুষ্ঠানত সহকাৰী সম্পাদক ৰাজীৱ চৌধুৰী, প্ৰাক্তন সম্পাদকদ্বয় গণেশ্বৰ দাস আৰু ভাস্কৰজ্যোতি দাস আৰু কাৰ্যনিৰ্বাহক সদস্য অনন্ত কলিতা উপস্থিত থাকে।উল্লেখযোগ্য যে যোৱা ৫ ছেপ্টেম্বৰ’ত ‘শিক্ষক দিৱস’ত কামৰূপ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত মামণি কলিতাক তেঁও শিক্ষাৰ ক্ষেত্ৰখনলৈ অবদানৰ স্বীকৃতি স্বৰূপে সিদিনা ৰঙিয়াত অনুষ্ঠিত এক অনুষ্ঠানত জিলা কৃতি শিক্ষক বঁটা প্রদান কৰাৰ হৈছিল। আনহাতে ইয়াৰ পূৰ্বে ১৭ ছেপ্টেম্বৰত মামণি কলিতাই শিক্ষকতা কৰা বিদ্যালয়ত আমাৰ বিদ্যালয়, বিদ্যালয় পৰিচালনা সমিতি আৰু অভিভাৱকৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়।
“ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদ”ৰ সদস্য বিচিত্ৰ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মামণি কলিতাক কৃতি শিক্ষক বঁটা লাভ কৰি বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা বাবে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। সভাত আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক বগাৰাম ৰাভা, প্ৰধান শিক্ষক জিতেন কছাৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কানুৰাম ৰাভা, সমাজকৰ্মী বিমল ৰাভা, ভৱেন ৰাভা, মাতৃগোটৰ সভানেত্ৰী পূৰ্ণিমা ৰাভা, অংগনবাড়ী কৰ্মী ৰীণা ৰাভাকে ধৰি বহু অভিভাৱক উপস্থিত থাকে।