বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ বিভিন্ন স্থানত উদ্ধাৰ হৈ আছে লাখ লাখ টকা।
বুধবাৰে পুনৰ মহানগৰীত একেটা স্থানৰ পৰা পৃথক পৃথক সময়ত উদ্ধাৰ হয় লাখ লাখ টকা।
গুৱাহাটীৰ গড়চুক চাৰিআলিৰ চেকিং পইণ্টত অসম আৰক্ষীয়ে ৩০,৯৮,৬০০ লাখ নগদ টকা উদ্ধাৰ কৰে।
১২.৩০ বজাত তালাচী অভিযানত এই নগদ টকাখিনি উদ্ধাৰ কৰে আৰক্ষীয়ে।
আহোমগাঁৱৰ মুকুল বৰা নামৰ এজন লোকৰ পৰা টকাখিনি উদ্ধাৰ কৰে আৰক্ষীয়ে।
ইয়াৰ পিছত পুনৰ ১.৩০ বজাত সেই একেই আৰক্ষী চেক পইণ্টতে ১৬,২৫.০০ টকা উদ্ধাৰ কৰে।
উপেন বৰ্মন নামৰ আন এজন লোকৰ পৰা এই টকাখিনি উদ্ধাৰ কৰে আৰক্ষীয়ে।
ধৃত লোকজন নলবাৰীৰ বাসিন্দা।
পুনৰ এই চেক পইণ্টতে সন্ধিয়া আৰক্ষীয়ে ৮ লাখ টকা উদ্ধাৰ কৰে।
গুৱাহাটীৰ লগতে আজি বঙাইগাঁৱতো ১,২৮,৫০০ টকা উদ্ধাৰ কৰে বঙাইগাঁও আৰক্ষীয়ে।
Today (17/3/2021) at 11:30 AM, SI Prabin Bheruah along with SST team found and seized cash money amounting Rs 1,28,500/- ( one lakh twenty eight thousand five hundred only) at Bongaigaon town area.@assampolice pic.twitter.com/VHQWW09z6e
— Bongaigaon Police (@bongaigaonpolic) March 17, 2021
Photo: Headline8