ঘোচখোৰ বন বিষয়াক খেদি খেদি ধৰিলে দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ এটা দলে। কাছাৰৰ লখিপুৰ বন বিষয়া দেৱব্ৰত গগৈক আজি উৎকোচ লৈ থকা অৱস্থাতে ধৰা পেলায়। উৎকোচৰ ধন লৈ থাকোতেই দুৰ্নীতি বিৰোধী সঞ্চালকায়লয়ৰ দলটোক দেখি হাতত ধন লৈয়ে নিজ চেম্বাৰৰ পৰা পলাবলৈ চেষ্টা কৰিছিল দেৱব্ৰত গগৈ নামৰ বন বিষয়াজনে।
চিলচৰ চহৰৰ মাজেদি এক কি. মি. প্ৰচণ্ড গতিৰে দৌৰিও সাৰি নগল ৰেঞ্জ বন বিষয়া শ্ৰী দেৱব্রত গগৈ।। দুৰ্নীতিৰ কোনো কাণ্ডাৰী সাৰি যাব নোৱাৰে @DIR_VAC_ASSAM ৰ হাতৰ পৰা।।@AssamPolice @CMOfficeAssam pic.twitter.com/AT5X9kQy7A
— GP Singh (@gpsinghips) August 3, 2022
ইয়াৰ পিছতে দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ দলে তেওঁক প্ৰায় ১ কিলোমিটাৰ পৰ্যন্ত খেদি যায় আৰু কৰায়ত্ব কৰে।