বিগত কিছুদিনৰে পৰা স্বাস্থ্যজনিত সমস্যাত ভুগিছে বিহাৰৰ আৰ জে ডি দলৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ ৷ ৰঙৰ উৎসৱ হোলীৰ লালু প্ৰসাদ যাদৱৰ জীৱনত এক বিশেষ গুৰুত্ব আছে । মঙলবাৰে যাদৱৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে তেওঁক ৰাঁচীৰ পৰা দিল্লীলৈ নিয়াৰ প্ৰস্তুতি চলোৱা হৈছে ৷
উল্লেখ্য যে, যাদৱক দিল্লীলৈ পঠোৱাৰ বিষয়টোত মঙলবাৰে RIMS ত অনুষ্ঠিত হ’বলগীয়া চিকিৎসা পৰিষদৰ এখন বৈঠকত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব । লালু যাদৱৰ শৰীৰত ক্ৰিয়েটিনৰ স্তৰ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে ৷ ইপিনে একে সময়তে প্ৰাক্তন সাংসদ আৰ কে ৰাণাক চিকিৎসা পৰিষদে দিল্লীলৈ নিয়াৰ বাবে অনুমতি জনাইছে ।