বৰাক সংযোগী ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ত ভূমিস্খলনৰ ঘটনা ৷ ক্ৰমাত ভয়াৱহ ভাবে ভূমিস্খলন হৈছে পথটোৰ কেইবাটাও স্থানত ৷ নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ সোনাপুৰ আৰু লুমছুলুমত পুনৰ ভয়াৱহ ভূমিস্খলন হৈছে ৷ ভূমিস্খলনত পথটোৰ বৃহত অংশ ছিঙি যোৱাত কেইবাখনো বাহন ভূমিস্খলনৰ কৱলত পৰিছে ৷ ভূমিস্খলনৰ ফলত কেইবা ফুট তলত আৱদ্ধ হৈছে কেইবাখনো বিলাসী বাহন৷
পথত ৰখাই থোৱা অৱস্থাত হঠাৎ পথটোত ভূমিস্খলনৰ ফলত বাহনসমুহ তলত সোমাই পৰিছে ৷ বুধবাৰৰ পৰা পথটোত যান-বাহন চলাচল বন্ধ হৈ পৰিছে। বুধবাৰে নিশা নতুনকৈ আৰু কেইবাটাও স্থানত ভূমিস্খলন হৈছে ৷ ভূমিস্খলনে ভয়াৱহ ৰূপ লোৱাত অনিৰ্দিষ্টকালৰ কাৰণে বন্ধ হৈ পৰিছে যান-বাহনৰ চলাচল ৷