গীতবোৰ এৰি থৈ তেওঁ গ’লগৈ চিৰদিনলৈ।অৱশেষত চিতাৰ জুইত বিলীন হৈ অনন্তধামলৈ যাত্ৰা কৰিলে অসমীয়া সংগীত জগতত এক নিজস্ব সুকীয়া ধাৰাৰ সৃষ্টি কৰা অপূৰ্ব বেজবৰুৱা।
বৃহস্পতিবাৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত বিশিষ্ট শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় । উল্লেখ্য যে, অনেক গুণমুগ্ধ, আত্মীয় আৰু কেইবাগৰাকীও শিল্পীৰ উপস্থিতিত এইগৰাকী শিল্পীৰ অন্তিম শয়নত তেওঁৰ কনিষ্ঠা কন্যা ইলোৰা বেজবৰুৱাই মুখাগ্নি কৰি পিতৃক শেষ বিদায় জনায় ।
আনহাতে, ৰাজ্য চৰকাৰৰ ফালৰ পৰা শিল্পীগৰাকীক নৱগ্ৰহ শ্মশানত অন্তিম শ্ৰদ্ধা জনাই সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই ।
ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ফালৰ পৰা ৰবীন্দ্ৰ ভৱনত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় শিল্পীগৰাকীক । তাৰ পিছত নৱগ্ৰহ শ্মশানত চিতাত উঠি অনন্তধামলৈ যাত্ৰা কৰে শিল্পী অপূৰ্ব বেজবৰুৱা ।
উল্লেখযোগ্য যে এইগৰকী বিশিষ্ট শিল্পীলৈ ৰাজ্য চৰকাৰে শেহতীয়াকৈ শিল্পী পেঞ্চন আগবঢ়াইছিল যদিও সেয়া গ্ৰহণ কৰাৰ পূৰ্বেই তেওঁ শেষ বিদায় লয় । ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁ চিকিৎসাধীন হৈ থকা অৱস্থাত হোৱা পৰিয়ালৰ সকলো ব্যয় চৰকাৰৰ ফালৰ পৰা ঘূৰাই দিয়া হ’ব ।