নাহৰফুটুকী বাঘৰ পিয়লৰ বাবে উত্তৰ কামৰূপ বন বিভাগৰ তৰফৰ পৰা আমিনগাঁৱৰ বনাঞ্চল আৰু অ-বনাঞ্চলত নাহৰফুটুকী বাঘ গণনা আৰম্ভ কৰিবলৈ সোমবাৰ অৰ্থাৎ ৩১ জানুৱাৰীৰ পৰা স্থিৰ কৰা হৈছে।
প্ৰায় ৫০ টা কেমেৰাৰে ট্ৰেপিং পদ্ধতিৰ জৰিয়তে আমিনগাঁওৰ চাৰিওফালে চিলা ৰিজাৰ্ভ ফৰেষ্ট, চাংচাৰী, এনআইপিইআৰ, এইমছ আদিত স্থাপন কৰি বাঘ গণনা কৰা হ’ব।
বিভাগীয় বন বিষয়া ছানীদেও চৌধুৰীৰ মতে, কেমেৰা ট্ৰেপিং ২৪ সপ্তাহৰ বাবে কৰা হ’ব আৰু প্ৰতি সপ্তাহত প্ৰতিটো কেমেৰাৰ পৰা তথ্য আহৰণ কৰা হ’ব।
লোকপিয়ল পৰিচালনাৰ বাবে উত্তৰ কামৰূপ বন বিভাগৰ দ্বাৰা এক সপ্তাহৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে য’ত কেমেৰা ট্ৰেপ পৰীক্ষা কৰা, মানচিত্ৰ অধ্যয়ন, জ্যেষ্ঠ বন বিষয়াসকলৰ আলোচনা, স্বেচ্ছাসেৱক অংশগ্ৰহণৰ পৰিকল্পনা, ক্ষেত্ৰ জৰীপ আদি অন্তৰ্ভুক্ত থাকিব।
সপ্তাহজোৰা কাৰ্যসূচীত, বিভাগটোৰ বিষয়াসকলে জিলা প্ৰশাসন, আৰক্ষী, গাওঁ আৰু শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বী আৰু সংবাদ মাধ্যমকে ধৰি বিভিন্ন লোকৰ সৈতে কেমেৰা ট্ৰেপিং মিছনৰ বিভিন্ন দিশৰ বিষয়ে বিতংভাৱে আলোচনা কৰিব। উল্লেখ্য যে, কেমেৰা ট্ৰেপিং ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব।