গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ চৌহদৰ বাহিৰত চাহ আৰু ফলমূল বিক্ৰীৰে পৰিয়ালৰ পোহপাল দি থকা ৫০ৰো অধিক পদপথৰ ব্যৱসায়ীক কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনে উচ্ছেদ কৰাৰ পিছত তেওঁলোকৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে ৷
‘‘এই হস্পিতালে আমাক জীয়াই থকাৰ সুবিধা প্ৰদান কৰিছে ৷ আমি ব্যৱসায়ীসকল হস্পিতাললৈ অহা ৰোগী, তেওঁলোকৰ পৰিয়ালবৰ্গ, চিকিৎসা কৰ্মী আৰু বাহন চালকসকলৰ ওপৰত নিৰ্ভৰশীল ৷ ৰাতিপুৱাই আমি সোনকালে আহি আমাৰ খাদ্য সামগ্ৰীবোৰ তেওঁলোকক বিক্ৰী কৰো৷’’ মঞ্জু বড়ো নামৰ এগৰাকী ব্যৱসায়ীয়ে এইদৰে কয় ৷
মঞ্জু বড়োকে ধৰি বহু কেইজন পদপথৰ ব্যৱসায়ীয়েও একে ধৰণৰ মন্তব্যকে উল্লেখ কৰে ৷ ‘‘আমাক জীয়াই থাকিবলৈ দিয়ক’’ এইবুলি মহানগৰ প্ৰশাসনক আহ্বান জনায় উচ্ছেদিত পদপথৰ ব্যৱসায়ীসকলে ৷
এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ কৰ্তৃপক্ষই এইবুলি বিবৃতি জাৰি কৰে যে উক্ত পদপথৰ ব্যৱসায়ীসকলে ৰাজহুৱা পথত অবৈধভাৱে ব্যৱসায় কৰি আছিল আৰু ইয়াৰ ফলত যান-জঁটৰো সৃষ্টি হৈছিল ৷ গতিকে ৰাজহুৱা পথ বেদখলমুক্ত কৰাটো আৱশ্যক হৈ পৰিছিল ৷