• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গৰমৰ দিনত কি ফল-মূল খাব জানো আহক

অনুৰুপা ডেকা by অনুৰুপা ডেকা
May 10, 2022
in সংবাদ, অসম, স্বাস্থ্য
1 min read
0
গৰমৰ দিনত কি ফল-মূল খাব জানো আহক
Share on FacebookShare on Twitter

বৰ্তমান উৎকট গৰমে দহিছে ৰাজ্য ৷ দেশৰ কেইবাখনো ৰাজ্যৰ লগতে অসমতো বিগত দুদিন ধৰি অত্যধিক গৰম পৰিছে । এই উৎকট গৰমত বিভিন্ন লোকৰ স্বাস্থ্যৰ অৱনতি হোৱা দেখা গৈছে । এতিয়া গৰমৰ দিনত প্ৰায় ভাগ মানুহে ফল বা ফলৰ ৰস খাই ভাল পায় । গৰমৰ দিনত আচলতে কি ফল খাব লাগে বা কি ফল খোৱাটো স্বাস্থ্যৰ বাবে ভাল জানো আঁহক :

গৰমৰ দিন কেইটা ফল খাই ভাল পোৱা লোকৰ বাবে বৰ ভাল সময়। এই সময়ত বিভিন্ন ধৰণৰ ফলেৰে বজাৰত ভৰি থাকে। আজিকালি বাৰিষা-খৰালি আৰু জাৰ-জহৰ প্ৰভেদ নথকাকৈ বজাৰত আঙুৰ, আপেল, কল,মৌচুমী আদি ফল থাকেই । এই বিলাকৰ লগতে গৰমৰ দিন কেইটাত আম,জামু, কঠাল, মাটিকঠাল,নাচপতি,মধুৰিআমৰ লগতে আমাৰ থলুৱা পণিয়ল আৰু লেটেকু আদি ফল উভৈনদী হৈ থাকে।

গৰম দিনত পকা আৰু সহজতে পোৱা প্ৰতিবিধ ফলৰেকিবা নহয় কিবা ঔষধি গুণ থাকে আৰু লগতে থাকে মানৱ দেহৰ বাবে অতিশয় প্ৰয়োজনীয় খনিজ লৱণ আৰু ভালেমান প্ৰকাৰৰ ভিটামিন। পুষ্টিকৰ ফলৰ কথা ভাবিলেই সবাতোকৈ আগলৈ আহে আপেল বা আঙুৰৰ কথা। এই দুয়োবিধ ফলেই গৰমৰ দিনত বিক্ৰী হৈছে প্ৰতিকেজি ৪০ টকাৰ পৰা ৬০ টকাৰ ভিতৰত। অথচ আপেল আৰু আঙুৰতকৈ পুষ্টিকৰ আৰু সোৱাদ ফল গৰমৰ দিনত ভালে কেইবিধ পোৱা যায়।

পকা কল,পকা আম, পকা অমিতা, মধুৰিআম আদি ফলৰ স্থান একেবাৰে প্ৰথম শাৰীতে আছে। অৱশ্যে এই বিলাক ফলো আজিকালি একেবাৰে সস্তা নহয়। তুলনা মূলক ভাৱে ফলেই সামান্য কম দামত পাব পাৰি। এশ গ্ৰাম ফলত থাকে ১৫৩ কেলৰি শক্তি। কাৰ্বোহাইড্ৰেট থাকে ৩৫ ভাগ। খনিজ লৱণৰ লগতে থাকে, কেলচিয়াম, ফচফৰাচ, মাইনেচিয়াম, চালফাৰ, আয়ৰণ, কপাৰ আৰু আয়োডিন। তাৰোপৰি আছে ভিটামিন এ, চি আৰু বি। পেকটিন আৰু ফাইভ এইচ টি নামৰ দুবিধ দুবিধ প্ৰয়োজনীয় ৰাসায়নিক পদাৰ্থও ফলত থাকে। যিকোনো জাতৰ ফলতেই কম-বেছি পৰিমাণে পুষ্টিকৰ উপাদান থাকে। ফল খালে ঠাণ্ডা লাগে বা কৃমি হয় বুলি কৰা ধাৰণাটো ভুল। পকা আমত সৰ্বাধিক পৰিমাণে ভিটামিন থাকে। এশ গ্ৰাম পকা আমত ডেৰ হাজাৰ ইউনিট ভিটামিন ‘এ’ থাকে। ভিটামিন ‘এ’ৰ অভাৱত অন্ধত্ব আৰু চকুৰ অন্যান্য ৰোগ, ছালৰ ৰোগ, চুলি সৰা, হজমৰ গণ্ডগোল আদি বিসংগতিয়ে দেখা দিব পাৰে। আমত ভিটামিন বি আৰু চি, খনিজ লৱণ, কেলচিয়াম, মেগনেচিয়াম, লো, ফচফৰাছ ইত্যাদিও থাকে। শক্তি পোৱা যায় ৬০ ৰ পৰা ৮০ কেলৰি।

পকা অমিতাতো প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’ থাকে। এশ গ্ৰাম পকা অমিতাত প্ৰায় ১১১০ ইউনিট ভিটামিন ‘এ’ পোৱা যায়। লগতে ভিটামিন, চি, বি আৰু নিয়াচিন থাকে। খনিজ লৱণ থাকে কেলচিয়াম, ফচফৰাছ, লো আৰু সামান্য কাৰ্বোহাইড্ৰেট, ফেট আৰু প্ৰোটিন পোৱা যায়। অৱশ্যে শক্তি পোৱা যায় মাত্ৰ ৩২ কেলৰি। সেয়ে অমিতা খালে শকত হোৱাৰ ভয় নাই। কেচাঁ অমিতাও সমানেপুষ্টিকৰ। অমিতাৰ বগা আঠাত পেপেইন নামৰ এটি পদাৰ্থ থাকে আৰু ই প্ৰোটিন হজম কৰাত সহায় কৰে। অমিতা সহজে হজম হয়। এই গৰমত খাদ্য তালিকাত পকা বা কেচাঁ অমিতা নিশ্চয় ৰখা ভাল।

বেল এবিধ অতি উপাদেয় ফল। ইয়াত কাৰ্বিহাইড্ৰেট থাকে প্ৰায় ৩০ ভাগ। কেলচিয়াম থাকে ০0.৮৫ মিলিগ্ৰাম। তাৰোপৰি ভিটামিন এ, বি, চি, খনিজ লৱণ, ফচফৰাছ, লোহা ইত্যাদি আছে। শক্তি পোৱা যায় ১৩৪ কেলৰি। বেলৰ চৰবৎ খালে কোষ্ঠ কাঠিন্য দূৰ হয়। তাৰোপৰি বেল খালে হজম শক্ত ইবৃদ্ধি পায় আৰু ৰুচি বাঢ়ে। আয়ুৰ্বেদত তৰমুজক ফলৰ ৰজা বুলি কোৱা হয়। ইয়াক খুব সামান্য পৰিমাণে প্ৰোটিন, চৰ্বি আৰু কাৰ্বোহাইড্ৰেট থাকে। ১০০ গ্ৰাম তৰমুজৰ পৰা ১৬ কেলৰি শক্তি পোৱা যায়। ডায়েটিং কৰা লোকৰ বাবে তৰমুজ উৎকৃষ্ট খাদ্য। তৰমুজে কোষ্ঠ কাঠিন্য দূৰ কৰে, হজম শক্তি বঢ়ায় আৰু কিড্‌নি সুস্থ কৰি ৰাখে। গৰমৰ দিনত অন্যতম উপযোগী ফল হৈছে জামু।

অন্যান্য ভালেমান উপাদানৰ লগতে জামুত সৰ্বাধিক পৰিমাণে আইৰন থাকে। সেয়ে কোৱা হয় জামু খালে তেজ পৰিষ্কাৰ হয়। তাৰোপৰি পানীলগা, কাহ আৰু হজম শক্তি কমিলে জামু খাব লাগে। বাত বিষৰ বাবেও জামু উপকাৰী। ১০০ গ্ৰাম জামুত মাত্ৰ ৪৭ কেলৰিহে শক্তি থাকে। গৰমৰ দিনত পকা ফলৰ ভিতৰত মধুৰিআম অন্যতম পুষ্টিকৰ ফল। ইয়াত শতকৰা ৪.৭ গ্ৰাম প্ৰোটিন পোৱা যায়। আপেল, আঙুৰ, কলতকৈও এই পৰিমাণ বহুগুণে বেছি। খনিজ লৱণ কেলচিয়াম, ফচফৰাছ, আয়ৰণ আদি খনিজ লৱণি এই বিধ ফলত অধিক পৰিমাণে পোৱা যায়।

Previous Post

জিন্স, টি-ছাৰ্ট নিপিন্ধিব! চৰকাৰী কৰ্মচাৰীলৈ নিৰ্দেশ মুখ্য সচিবৰ

Next Post

ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিব লগীয়া স্বাস্থ্যকৰ পানীয়

Related Posts

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান
সংবাদ

সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান

December 3, 2023
সংবাদ

NCC দিৱসত দিঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি বায়ু শাখাৰ কেডেটৰ

December 2, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
সংবাদ

তিতাবৰত ভয়াৱহ পথ দুৰ্ঘটনা

December 2, 2023
আজি চুকাফা দিৱস
ৰাজনীতি

আজি চুকাফা দিৱস

December 2, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
Next Post
ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিব লগীয়া স্বাস্থ্যকৰ পানীয়

ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিব লগীয়া স্বাস্থ্যকৰ পানীয়

হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এটা বছৰৰ কিছু পৰ্যালোচনা

হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এটা বছৰৰ কিছু পৰ্যালোচনা

ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ’লগৈ ৭৭.৫০ টকা

ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ’লগৈ ৭৭.৫০ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8