এলজি ইলেকট্রনিকছ, ভাৰতৰ এক অন্যতম আগশাৰীৰ কনজিউমাৰ দুৰেৱল ব্ৰেণ্ড, এ অসমৰ শিৱসাগৰৰ বাসিন্দা পাৰ্থ মোহনক ইয়াৰ চলিত ” ইণ্ডিয়া কা চেলিব্ৰেচন ’’ অভিযানৰ প্রথম ভাগ্যৱান বিজয়ী ঘোষণা কৰি আনন্দিত হৈছে। ২০২৪ চনৰ ২১ ছেপ্টেম্বৰত শিৱসাগৰ এম /এছ পুষ্পাঞ্জলিৰ পৰা এল জি এয়াৰ কণ্ডিচনাৰ ক্রয় কৰি পাৰ্থ, এজন উদ্যোগী ,এল জি ড্রীম হোম পেকেজৰ প্রথম বিজয়ী হিচাপে ঘোষিত ।
৫১ কৌটি টকাৰ বিভিন্ন ধৰণৰ পুৰস্কাৰ আগবঢ়োৱা ” ইণ্ডিয়া কা চেলিব্ৰেচন” অভিযানৰ উদ্দেশ্যে হৈছে উৎসৱৰ সময়ছোৱাত গ্রাহকক উৎসাহিত আৰু আনন্দিত কৰা। “ইণ্ডিয়া কা চেলিব্ৰেচন” বিজয়ীক অভিনন্দন জ্ঞাপন কৰি এল জি ইলেক্ট্ৰনিকছ ৰ শাখা পৰিচালক গুৱাহাটী শ্ৰীযুত দেৱজিৎ বৰপাত্ৰ গোহাঁই,এ কয় ‘’আমাৰ “ইণ্ডিয়া কা চেলিব্ৰেচন” অভিযানৰ মূল উদ্দেশ্য সুখ আৰু আনন্দ বি লোৱা আৰু আমাৰ গ্রাহকৰ বাবে উৎসৱৰ বতৰক অৱীস্মৰণীয় কৰি তোলা।
তেওঁৰ এই জয়ৰ বিষয়ে পাৰ্থ মোহন ডাঙৰীয়াই আনন্দ প্ৰকাশ কৰি কয় ” উত্তৰ-পূবৰ পৰা এল জিৰ ড্ৰিম হোম পেকেজৰ প্ৰথম বিজয়ী হোৱাৰ বাবে মই নিজকে ভাগ্যৱান আৰু আপ্লুত অনুভৱ কৰিছো।এই উৎসৱৰ বতৰটো এতিয়া মোৰ পৰিয়ালৰ বাবে অতীকৈ স্মৰণীয়, এল জিৰ বাবে। মই সদায় এল জি ক ইয়াৰ মানন্দৰ বাবে বিশ্বাস কৰি আহিছো ।এইটো সঁচাকৈয়ে এটা সপোন পুৰন হৈছে’’।
সমগ্ৰ দেশৰ মানুহৰ বাবে আনন্দ কঢ়িয়াই অনা ‘’ইণ্ডিয়া কা চেলিব্ৰেচন ” অভিযানৰ অংশ হিচাপে প্ৰতিদিনে ড্ৰিম হোম পেকেজ বিজয়ীসকলক ঘোষণা কৰা হৈছে। এই এক্সক্লুছিভ অফাৰসমূহ ৭ নৱেম্বৰলৈকে প্ৰযোজ্য হ’ব।