দীৰ্ঘদিন ধৰি চলি অহা ৰাজনৈতিক আলোচনা বিলোচনাৰ অন্ত পেলাই ব্ৰিটেইনৰ নতুন প্ৰধান মন্ত্ৰী হ’ল লিজ ট্ৰাছ। ভাৰতীয় মূলৰ ঋষি চুনাকৰ প্ৰতিদ্বন্দী লিজ ট্ৰাছ বৈদেশিক, কমনৱেল্থ আৰু উন্নয়ন খণ্ডৰ সচিব আছিল।
প্ৰায় ৮ সপ্তাহজোৰা প্ৰতিদ্বন্দিতাৰ শেষত শুকুৰবাৰে বন্ধ কৰা হৈছিল টৰী লিডাৰশ্বিপ বেলট। এইবাৰৰ প্ৰতিদ্বন্দীতা বিশ্বজুৰি চৰ্চা হোৱাৰ অন্যতম কাৰণটো আছিল ভাৰতীয় মূলৰ ঋষি চুনাকৰ প্ৰধান মন্ত্ৰী পদৰ বাবে আগবঢ়োৱা পদক্ষেপ। প্ৰধান মন্ত্ৰী পদৰ দৌৰত অন্তিম পৰ্যায়লৈ দেখা গ’ল ঋষি চুনাকক।